নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি…

নাগালেণ্ডত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডত বৃহস্পতিবাৰে পুনৰ ২০ লোক ক'ভিড ১৯ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । যোৱা বুধবাৰে ৮ গৰাকী লোকৰ কোৰোনা পজিটিভ ফলাফল অহাৰ পাছত আজি পুনৰ ২০ আক্ৰান্ত হোৱাৰ পিছত নাগালেণ্ডৰ কোৰোনাৰ মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

নাগালেণ্ডৰ স্বাস্থ্যমন্ত্ৰী পাংনিউ ফমে টুইটাৰ যোগে প্ৰকাশ কৰামতে চেন্নাইৰ পৰা বিশেষ ৰেলৱে উভতি অহাসকলৰ এশতকৈ লোকৰ নমুনা অসমৰ ডিব্ৰুগড় আৰু ক'হিমা নাগা হাস্পতালত পৰীক্ষা বাবে প্ৰেৰণ কৰা হৈছিল আজি তাৰে ২০ লোকৰ কভিড ফলাফল পজিটিভ আহে । ই

য়াৰ ৭৫ গৰাকী লোক ডিমাপুৰ আৰু ক'হিমাৰ আন ৫ জন টুৱেনচাঙৰ । উল্লেখযোগ্য যে এই আটাইতকৈ ক'ভিড ৰোগীক ডিমাপুৰ আৰু ক'হিমা নাগা হাস্পতালত চিকিৎসা কৰি থকা হৈছে । নাগালেণ্ডৰ কভিড ৰোগীসকল সুস্থিৰ আৰু এতিয়ালৈকে কোনো লোকৰ কোৰোনাত মৃত্যু হোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in