লক ডাউনৰ সময়ত নাগালেণ্ড সীমান্ত নাওজানত নগাৰ উপদ্ৰৱ…

লক ডাউনৰ সময়ত নাগালেণ্ড সীমান্ত নাওজানত নগাৰ উপদ্ৰৱ…

ডিজিটেল সংবাদ, সৰুপথাৰঃ সমগ্ৰ দেশত চলি থকা লকডাউনৰ সময়ত সৰুপথাৰৰ নাওজানত নগা দুৰ্বৃত্তই দেখুওৱা অতপালিত সমগ্ৰ অঞ্চলটোতে এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় ৷ উল্লেখযোগ্য যে, নাওজানৰ ২ নং মৰাজানৰ ইমতাজ আলী নামৰ এজন লোকৰ দোকানত কালি নিশা লোহেজ' বস্তিৰ নিকাট' চেমা নামৰ এজন নগা দুৰ্বৃত্তই গুলীচালনা আৰু ইমতাজ নথকাৰ সুযোগ লৈ দিনৰ ভাগত দোকান লণ্ডভণ্ড কৰাৰ অভিযোগ উঠিছে ৷

উল্লেখ্য,লকডাউনৰ সময়ত ২ নং মৰাজানত আৰক্ষীয়ে পেট্ৰলিং কৰাত ইমতাজ আলীক সন্দেহ নগা দুৰ্বৃত্তৰ ৷ সেয়েহে, আৰক্ষীক মাতি অনাৰ সন্দেহত ইমতাজৰ ব্যৱসায়িক প্ৰতিস্থানত নগা দুৰ্বৃত্তটোৱে আক্ৰমণ কৰে ৷

ইফালে ঘটনাস্থলীত CRPF আৰু ধনশিৰি SDPO প্ৰাঞ্জল বৰা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ সমগ্ৰ ৰাজ্যজুৰি চলি থকা লকডাউনৰ সময়ত নগাৰ এনে কাণ্ডই সীমান্তবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে দোষী নগাক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in