নাগালেণ্ডত আফস্পা পুনৰ ছমাহলৈ বৃদ্ধিঃ যোৰহাট বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত সেনাৰ ২১ নং পেৰা কমাণ্ডোৰ ইউনিটৰ বিষয়া-জোৱানক জেৰা এছআইটিৰ

নাগালেণ্ডত আফস্পা পুনৰ ছমাহলৈ বৃদ্ধিঃ যোৰহাট বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত সেনাৰ ২১ নং পেৰা কমাণ্ডোৰ ইউনিটৰ বিষয়া-জোৱানক জেৰা এছআইটিৰ

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ড চৰকাৰে মন জিলাৰ অটিঙত ৪ আৰু ৫ ডিচেম্বৰত সংঘটিত সেনাৰ গণহত্যাৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দল অৰ্থাৎ এছ আই টিয়ে বৃহস্পতিবাৰে সেনাৰ ২১ নং পেৰা কমাণ্ডোৰ দলটোক যোৰহাট চটাই থকা বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত মাৰাথন জেৰা চলায়। নাগালেণ্ড আৰক্ষীৰ আই জি পি লিমাছুনেপ জমিৰৰ নেতৃত্বত যোৱা বিশেষ তদন্তকাৰী দলটোৱে অটিঙৰ ১৪ গৰাকী নিৰীহ নাগৰিকৰ হত্যাত জড়িত সেনাৰ বিষয়া আৰু জোৱানক ঘটনাৰ সন্দৰ্ভত সোধা-পোছা কৰি তথ্য সংগ্ৰহ কৰে। উল্লেখযোগ্য যে, অটিঙৰ ঘটনাৰ সৈতে জড়িত সেনাৰ বিৰুদ্ধে তদন্ত আৰু জেৰা চলাবলৈ প্ৰতিৰক্ষা বিভাগে অনুমতি দিয়াৰ পিছতে এছ এই টি দলটো গৈ আজি পুৱা যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত উপস্থিত হয় ।

নাগালেণ্ড চৰকাৰে এই বিশেষ তদন্ত দলটোৰ সদস্য সংখ্যা পাঁচজন পৰা বৃদ্ধি কৰি বৰ্তমান ২২ জন কৰে । সমগ্ৰ ঘটনাটো এছ আই টিয়ে সাত দলত ভাগ হৈ তদন্ত কৰি ৩০ দিনৰ ভিতৰত অৰ্থাৎ অহা ৫ জানুৱাৰী তদন্তৰ প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পিছত ৯০ দিনৰ ভিতৰত আদালত ছাৰ্জশ্বিট দাখিল কৰিব। জানিব পৰা মতে, নাগালেণ্ডৰ এছ আই টিয়ে অটিঙ ঘটনাৰ সন্দৰ্ভত ৬০ জন লোকৰ সাক্ষ্য প্ৰমাণ গ্ৰহণ কৰিব পৰীক্ষা কৰি আছে । ইফালে, মন জিলাৰ অটিঙত যোৱা ৪ ডিচেম্বৰত সেনাৰ গণহত্যাৰ ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ক'ট অৱ ইনকুৱেৰিৰ তদন্তকাৰী দলটো কালি পুৱা দহ বজাত ক'হিমাৰ পৰা গৈ অটিঙ গাঁৱত আৰু টিজিত থানাত উপস্থিত হৈ সমগ্র ঘটনাৰ তদন্ত কৰাৰ লগতে সাক্ষ্য প্ৰমাণ সংগ্ৰহ কৰে ।

সেনাৰ মেজৰ জেনেৰেল ডি এছ খুছোৱাৰ নেতৃত্বত যোৱা তদন্তকাৰী দলটোৱে ঘটনাৰ পৰিস্থিতি বুজিবৰ বাবে ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰকৃত তথ্য পোহৰলৈ আনিবলৈ নিহত পৰিয়ালক সোধা-পোছা কৰে। সেনাৰ তদন্তকাৰী দলটোৱে গাওঁবাসী , আৰক্ষী, চিকিৎসক আৰু বিভিন্ন নাগৰিক সংগঠনৰ লগ ধৰি ঘটনাৰ সন্দৰ্ভত বহমূলীয়া তথ্য সংগ্ৰহ কৰে । ইয়াৰ পিছত সেনাৰ তদন্তকাৰী দলটো দিনৰ ১:৩০ বজাৰ পৰা ৩ বজালৈ টিজিত থানাত উপস্থিত থাকি কন্যাক চিভিল ছ'চাইটি অৰ্গেনাইজেচন , কন্যাক ইউনিয়ন, কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ সৈতে মিলিত হয় । চিভিল ছচাইটি দলটোৱে তদন্তকাৰী দলটোৰ জানিব বিচাৰে যে অটিঙ গণহত্যাৰ সৈতে জৰিত সেনাৰ ২১নং পেৰা কমাণ্ডোৰ দলটোক কোনো সুৰক্ষা দি আছে ।

তদন্ত গতি বিলম হোৱাৰ বাবে তীব্ৰ অসন্তুষ্ট প্ৰকাশ কৰি চিভিল ছচাইটি অৰ্গেনাইজেচনে কয় যে- শামুকীয়া গতিৰ ভাৰতীয় বিচাৰ ব্যৱস্থাই তেওঁলোকক হতাশ কৰিছে । সংগঠনটোৱে দোষী সেনাক ৩০দিনৰ ভিতৰত ৰাজহুৱা পৰিচয় দাঙি ধৰি শাস্তি নিশ্চিত কৰিবলৈ দাবী জনায় । ইফালে কন্যাক ইউনিয়নে সেনাৰ তদন্তকাৰী দলটোক সাক্ষাত কৰাৰ সময়ত অটিঙৰ গণহত্যাৰ জড়িত সেনাৰ দলটোক শীঘ্ৰে শাস্তিৰ দাবী কৰে। তেওঁলোকে ১৪গৰাকী নিৰীহ হত্যাত জড়িত সেনাৰ বিৰুদ্ধে আদালতত মোকদৰ্মা চলাবলৈ অনুমতি দিবৰ বাবে জনায় এই বুলি সকীয়াই দিয়ে যে তদন্তকাৰী দলে সত্যক বিকৃত কৰিলে এয়া কন্যাক জনগোষ্ঠীৰ বিৰুদ্ধে যোৱা বুলি গণ্য কৰা হ'ব ।

কেন্দ্ৰই অটিঙৰ ঘটনাৰ স্বচ্ছ তদন্ত কৰি নিজেই প্ৰমাণ কৰিব লাগিব তেওঁলোক কিমান দায়িত্বশীল। ইফালে, কন্যাক ইউনিয়নে কালি অটিঙৰ গণহত্যাৰ তদন্ত কৰিবলৈ অহা দলটোৰ বিশ্বাসযোগ্যতাৰ সন্দেহ প্ৰকাশ কৰিছে। কিয়নো সেনাৰ তদন্তকাৰী দলটোৱে গাঁওবাসীক কৰা সোধা পোছাত সুখী নহয় । কন্যাক ইউনিয়নৰ মতে ৪ ডিচেম্বৰৰ ঘটনাস্থলিত উপস্থিত থকা থকা লোকসকলে সেনাৰ তদন্তকাৰী দলটোৱে তদন্তৰ নামত সোধা-পোছা কৰাৰ ওপৰত বিশ্বাসযোগ্যতাৰ প্ৰশ্ন উত্থাপন কৰিছে । ইফালে, সেনাৰ তদন্ত আৰু নাগালেণ্ড চৰকাৰৰ এছ আই টিৰ তদন্ত চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আজি নাগালেণ্ডত পুনৰ ছমাহৰ অশান্ত অঞ্চল ঘোষণা কৰি আফস্পা আইনৰ ম্যাদ বৃদ্ধি কৰাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

জানিব পৰা মতে কেন্দ্ৰই ৩০ ডিচেম্বৰত আফস্পা আইনৰ ম্যাদ অন্ত পৰাত এক অধিসূচনাৰ জৰিয়তে আৰু ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰি আফস্পাৰ ম্যাদ বৃদ্ধি কৰে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিব পিয়ুষ গোৱেল জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে- নাগালেণ্ডৰ পৰিস্থিতি এতিয়াও বিপদজনক সেয়ে জনসাধাৰণৰ নিৰাপত্তা বৃদ্ধিৰ বাবে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ পুনৰ ছমাহলৈ বৃদ্ধি কৰিছে । উল্লেখযোগ্য যে, অটিঙৰ সেনাৰ গণহত্যাৰ ঘটনাৰ উত্তেজনা নৌমাৰ যাওঁতে তথা নাগালেণ্ডৰ পৰা আফস্পা আইন বাতিলৰ বাবে নিৰীক্ষণ সমিতি গঠন কৰাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে পুনৰ আফস্পা আইনৰ ম্যাদ বৃদ্ধি কৰাত নাগালেণ্ডবাসী তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ।

আফস্পা আইনৰ ম্যাদ বৃদ্ধিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাগালেণ্ডবাসীয়ে কয়- এয়া কেন্দ্ৰৰ নগা সমস্যা সমাধানৰ বিশ্বাসহীনতা। নগা সমস্যা কেতিয়াও সামৰিক সমাধান সম্ভৱ নহয়। এয়া নগা শান্তি আলোচনাৰ প্ৰতি ভাৰত চৰকাৰৰ আস্থাহীনতা আৰু বিশ্বাসযোগ্যতাৰ অভাৱ। ভাৰত চৰকাৰে নিজৰ দেশৰ নাগৰিকে বিশ্বাস নকৰে। নাগালেণ্ডৰ ৰাইজে ভাৰত চৰকাৰক আফস্পা প্ৰত্যাহাৰ কৰি এন এছ চি এনৰ সৈতে বিশ্বাস গঢ়ি তুলি নাগা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in