নাগালেণ্ডত জব্দ ২২.৭৮ কোটি টকাৰ চোৰাং সোণ, দুজনক গ্ৰেপ্তাৰ…

নাগালেণ্ডত জব্দ ২২.৭৮ কোটি টকাৰ চোৰাং সোণ, দুজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডেৰ নাৰ্কটিক আৰক্ষী গোটে সোমবাৰে ইম্ফল- কহিমা ৰাষ্ট্ৰীয় ঘাইপথত নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন বাহনৰ পৰা প্ৰায় ২২ কোটি ৭৮ লাখ ৪৬ হাজাৰ বৃহৎ পৰিমাণৰ সোণ জব্দ কৰিবলৈ সক্ষম হয় । সোমবাৰে পুৱা আৰক্ষীয়ে খুজমা চেকগেটত তালাচী চলাওঁতে ১৬৬ গ্ৰাম ওজনৰ ২৯ টা পেকেট জব্দ কৰে। অবৈধ সোণখনিৰ ওজন ১৮ কেজি বুলি নাগালেণ্ডৰ আইন শৃংখলা বিভাগৰ এডিজিপ সন্দীপ এম টামগাদগে প্ৰকাশ কৰিছে । এই সন্দৰ্ভত উত্তৰ প্ৰদেশৰ নিবাসী সৌৰভ সিঙ আৰু পৱন কুমাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

ব্যক্তি দুগৰাকী মণিপুৰৰ পৰা ক'লৈ ইমান বৃহৎ পৰিমাণৰ সোণ সৰবৰাহ কৰিব খুজিছিল সেই তথ্য বাবে তদন্ত অব্যাহত ৰাখিছে । নাগালেণ্ডে আৰক্ষীয়ে সদৰী কৰামতে ইমান বৃহৎ পৰিমাণ সোণ উদ্ধাৰ ঘটনা এয়াই প্ৰথম । ইফালে ক'হিমাত সোমবাৰে বিয়লি নাগালেণ্ড আৰক্ষীয়ে ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই প্ৰায় ২ কোটি টকাৰ নিষিদ্ধ হে'ৰইন জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰামতে ক'হিমা ৰাষ্ট্ৰীয় ঘাই পথৰ বিশেষ পেট্ৰলিঙ ইউনিটে মণিপুৰৰ পৰা অহা এখন মাৰুতি বাহনৰ ওপৰত অভিযান চলাই ৪২ চাবোনৰ কেছত অনা প্ৰায় ৫৩২ গ্ৰাম হেৰইন জব্দ কৰে ।

এই হে'ৰইনখিনি ড্ৰাগছ সৰবৰাহী কেইজনে বাহনখন এটা গোপন চেম্বাৰত লুকাই আনিছিল । কহিমাৰ আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত ছুংছঙ থমছন , লুনলালছেম হাওকিপ ,লুমিনলা ডুংগেল আৰু এলিয়েন থমছন নামৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে । পিছত অধিক তথ্য উদঘাটনৰ বাবে ক'হিমাৰ ঝুজবা আৰক্ষী থানাত গতাই দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in