হেব্ৰুনত এন এছ চি এন ( আই এমৰ) ৪০ সংখ্যক নগা গণতন্ত্ৰ দিৱস উদযাপন…

হেব্ৰুনত এন এছ চি এন ( আই এমৰ) ৪০ সংখ্যক নগা গণতন্ত্ৰ দিৱস উদযাপন…

ডিজিটেল সংবাদ, ৱাখাঃ নগা সমস্যা নামত অযথা বিলম্ব কৰা বিষয়ত ভাৰতৰ চৰকাৰৰ প্ৰতি যেন ক্ৰমাৎ অসন্তুষ্টি বৃদ্ধি পাইছে নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ । সম্প্ৰতি এই কথাই স্পষ্ট হৈ পৰিছে নগা বিদ্ৰোহী নেতা থুইগালেং মুইভাৰ বক্তব্যত । বৃহস্পতিবাৰে ডিমাপুৰ পৰা ৪০ কিলোমিটাৰ নিলগত অৱস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমৰ পৰিষদীয় কাৰ্যালয় হেব্ৰুনত অনুষ্ঠিত ৪০ সংখ্যক নগা গণতন্ত্ৰ দিৱসত অংশগ্ৰহণ কৰি সাধাৰণ সম্পাদক তথা গৰ্ভমেণ্টৰ অৱ দা পিপলছ ৰিপাবলিক্ অৱ নাগালিম চৰকাৰৰ প্ৰধানমন্ত্ৰী থুইগালেং মুইভাই ভাৰত চৰকাৰ বিৰুদ্ধে কেতবোৰ গুৰুত্ব অভিযোগ উথাপন কৰি ভৱিষ্যতে আলোচনাত নবহাৰ ইংগিত প্ৰদান কৰিছে।

মুইভাই কয় যে নগা ৰাজনৈতিক সমস্যা সমাধনৰ বাবে নগা জাতিয়ে কেতিয়াও আত্মসমৰ্পণ অথবা সুকীয়া পতাকা, পৃথক সংবিধান আৰু নগা অধ্যুষিত এলেকাৰ একত্ৰিকৰণত নিজৰ অধিকাৰ ত্যাগ নকৰে । তেওঁ আৰু কয় যে আমি আমাৰ অধিকাৰৰ কেতিয়াও পিছ নোহোকো । মুইভাই ভাৰত চৰকাৰৰ প্ৰতি এই বুলি অভিযোগ কৰে যে ২০১৫ চনৰ ৩ আগষ্ট সম্পাদনা কৰা ফ্ৰেৰ্মৱক এগ্ৰিমেণ্ট অধীনত চলি থকা নগা শান্তি আলোচনাত চুক্তি স্বাক্ষৰ কৰা ভাৰতীয় নেতাসকলে এতিয়া নিজৰ ভাষ্য সলনি বুলি খেদ প্ৰকাশ কৰে ।

মুইভাই কয় যে নগা সমস্যা সমাধানৰ বাবে ভাৰতৰ চৰকাৰে share sovereignty অৰ্থাৎ অংশীদাৰ সাৰ্বভৌমত্ব অৱধাৰণা আৰু প্ৰস্তাব ভাৰতৰ চৰকাৰৰ আছিল । যাৰ বাবে ভাৰতৰ চৰকাৰে নগা জাতিৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসৰ স্বীকৃতিৰ প্ৰদান কৰিছিল । পিছত এই ফ্ৰেৰ্মৱক এগ্ৰিমেণ্ট অধীনতে এন এছ চি এন (আই এমৰ) মুখ্য বিষয় সুকীয়া পতাকা , সংবিধান আৰু নগাসকলৰ একত্ৰিকৰণ আলোচনা আৰম্ভ হৈছিল । কিন্তু এতিয়া ভাৰতৰ চৰকাৰে পুনৰ বিভাজিত নীতিৰ আশ্ৰয় লৈ নগা সমস্যা সমাধান বিষয়টো ধূসৰ কৰি পেলাইছে ।

এন এছ চি এন (আই এমৰ) নেতা মুইভাই এই বুলি ভাৰত চৰকাৰৰ প্ৰশ্ন উত্থাপন কৰিছে নগা সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰৰ ওচৰত নিজৰ অধিকাৰ সমৰ্পন কৰিব লাগিব নেকি ? তেওঁ ভাৰত চৰকাৰক কয় যে নাগালিমৰ বাবে সুকীয়া পতাকা , সংবিধান বিষয়টো গুৰুত্বহীন কৰিবলৈ জি অ আইয়ে নগা পতাকাক সাংস্কৃতিক প্ৰতীকহে হব লাগে পৰামৰ্শ আগবঢ়াইছিল । যদিও এন এছ চি এনে এই কথা কেতিয়াও মানি নলয় । তেওঁ নগাসকলৰ একত্ৰিকৰণ বাবে ১৬ পইন্ট চুক্তি স্বাক্ষৰ কৰিব লাগিব বুলি কয় । একাংশই ৰাজনৈতিক লাভালাভৰ বাবে নিহিত স্বাৰ্থৰ বাবে নগাসকল দমন বিচৰা বুলি আক্ষেপ কৰে ।

মুইভাই নগা ৰাইজ আৰু সতীৰ্থ সংগ্ৰামীসকল উদ্দেশি দৃঢ়তাৰে এই বুলি স্পষ্ট কৰি দিয়ে যে যদি ভাৰত চৰকাৰৰ সৈতে যদি ভৱিষ্যতে পুনৰ আলোচনা অনুষ্ঠিত হয় তেতিয়া নগা সুকীয়া পতাকা , সংবিধান ওপৰতে মুখ্য বিষয় হ'ব। যদি সুকীয়া পতাকা আৰু সংবিধান ওপৰত আলোচনা নহলে ভাৰত চৰকাৰৰ সৈতে ভৱিষ্যতে কোনোধৰণৰ সম্পৰ্ক নহব পাৰে বুলি ইংগিত প্ৰদান কৰিছে ইফালে কালি এই গণতন্ত্ৰ দিৱসত ছন এছ চি এনৰ সভাপতি কেহেঝু টুচ্ছুৱেও ভাষণ প্ৰদান কৰে । উল্লেখযোগ্য যে মুইভাৰ এই বক্তব্যই যে নগা সমস্যা সমাধান জটিলতা আনিব সেই কথা সম্প্ৰতি স্পষ্ট হৈ পৰিছে সভাত নগা হো হো , নগা ষ্টুডেণ্ট ফেডাৰেচন , নগা পিপলছ মুভমেণ্ট হিউমেন ৰাইটছ , ইউনাইডে নগা ট্ৰাইবছ আদিয়ে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in