শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

আজৱ কাণ্ড! হাতত ৰাইফল লৈ বিবাহ অনুষ্ঠানত ফটো উঠিলে এনএছচিএন (ইউ)ৰ নেতাৰ পুত্ৰ আৰু বোৱাৰীয়ে…

4,889

ডিজিটেল ডেস্কঃ নগালেণ্ডৰ এখন বিবাহ অনুষ্ঠানৰ ফটো ছ’চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। বিবাহ অনুষ্ঠানলৈ অহা অতিথিসকলে দেখিবলৈ পালে এক আজৱ ঘটনা। দৰা আৰু কইনা ব্যস্ত ফটো উঠাত। কিন্তু উপহাৰৰ পৰিৱৰ্তে দৰা-কইনাৰ হাতত দেখা গ’ল দুটাকৈ ৰাইফলহে।

দৰাৰ সাজত সন্ত্ৰাসবাদী সংগঠন এন এছ চি এন (ইউ)ৰ নেতাগৰাকীৰ পুত্ৰ আৰু তেওঁৰ ন-কইনাক। তেওঁলোকে হাতত দুটাকৈ ৰাইফল লৈ থকা পৰিলক্ষিত হৈছে ফটোখনত। আৰু এই ফটোখন এতিয়া ছ’চিয়েল মিডিয়াত হৈ পৰিছে ভাইৰেল।

উল্লেখ্য যে, উত্তৰ-পূবত কেন্দ্ৰীয় চৰকাৰ নগা সংগঠনসমূহৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰৰ চেষ্টা চলাই থকা সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইখন ফটো। কিলো কিল’নছাৰৰ পুত্ৰ বহোটা কিবাই হাতত লৈ আছে এ কে ৫৬ আৰু এম ১৬ ৰাইফল।

এক সূত্ৰ অনুসৰি, ৯ নবেম্বৰ, ২০১৯ত অনুষ্ঠিত বিবাহ অনুষ্ঠানলৈ অহা অতিথিসকলেও আচৰিত হৈ পৰে তেওঁৰ হাতত এই ৰাইফল দুটা দেখি। ইফালে, নগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জ’ন লংগকুমেৰে এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত কয়- ‘মই এতিয়ালৈকে ফটোখন দেখা নাই। আৰু এই বিষয়ে মই অৱগত নহয়।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি