শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …

ক’হিমাত নগা ৰাজনৈতিক সমস্যা সমাধানৰ সন্দৰ্ভত নাগালেণ্ড চৰকাৰৰ সৈতে ৪০ দল-সংগঠনৰ পৰামৰ্শমূলক বৈঠক…

185

ডিজিটেল সংবাদ, ৱাখাঃ ভাৰত চৰকাৰৰ সৈতে চলি থকা নগা শান্তি আলোচনাৰ অন্তিম সমাধানৰ পথ সুগম তথা অধিক তৰান্বিত কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে ৰাজধানী ক’হিমাত নাগা ট্ৰাইবেল হোহো , ছাৰ্চ কাউন্সিল, নাগৰিক সমাজকে ধৰি প্ৰায় ৪০টা দল সংগঠনৰ সৈতে নাগালেণ্ড চৰকাৰৰ ছয় ঘণ্টা জোৰা পৰামৰ্শমূল বৈঠক অনুষ্ঠিত হয়। কিকনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিভিন্ন দল-সংগঠনৰ প্ৰায় দুশ গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পৰামৰ্শদাতা বৈঠকত সৰ্বসন্মতিক্ৰমে ৭ দফীয়া সমাধান সূত্ৰৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

বৈঠকত নগাসকলৰ অতুলনীয় আৰু অদ্বিতীয় ইতিহাসক স্বীকাৰ কৰি নগা সমস্যাক ,নগা ৰাজনৈতিক সমস্যা হিচাবে ভাৰত চৰকাৰে মান্যতা প্ৰদান কৰাত প্ৰশংসা কৰে । লগতে নগা ৰাজনৈতিক যাত্ৰাত যিসকল নগা জাতীয় সংগ্ৰামীয়ে আত্মবলিদান দিলে তেওঁলোকৰ অৱদানক স্বীকাৰ কৰে । বৈঠকে নগাসকলৰ অতুলনীয় ইতিহাসৰ আধাৰত ভৱিষ্যত নিৰ্ধাৰণ আৰু ৰাজনৈতিক অধিকাৰৰ ভিত্তিত ৰাজনৈতিক সমাধানত নিৰবচ্ছিনভাৱে কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰে ।

পৰামৰ্শদাতা বৈঠকত ভাৰত চৰকাৰৰ সৈতে আলোচনাকাৰী সংগঠন সমূহৰ মাজত একতা , বিশ্বাস আৰু পাৰস্পৰিক বুজাপৰাৰ মনোভাৱৰে একত্ৰিত হবৰ বাবে আহবান জনায় । যাতে শীঘ্ৰে এক ব্যক্তি এক সমাধানৰ পথ প্ৰশস্ত হয় । সমাধানসূত্ৰ কোৱা হয় যে সংগঠন সমূহে সন্মিলিতভাৱে কাম কৰক যাতে শান্তি প্ৰক্ৰিয়া সহজ আৰু স্বচ্ছ হয় আৰু নগা জনসাধাৰণৰ কাংক্ষিত এক সমাধানসূত্ৰ বাস্তৱায়িত হয় ।

বৈঠকত ভাগ লৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৱে কয় – নগাসকলে সঠিক সময়ত ‘এক সমাধান ‘ পথ সহজ কৰিব বাবে এই শান্তি আলোচনা প্ৰক্ৰিয়া সমৰ্থন কৰা প্ৰয়োজন । কিয়নো ভাৰত চৰকাৰে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে নগা ৰাজনৈতিক সমস্যাৰ সমাধান কেৱল এক চুক্তি এক সমাধান হ’ব । অৱশ্যে মুখ্যমন্ত্ৰী ৰিঅৱে নগা সমস্যা সমাধানত নগাসকলৰ ইতিহাসক সন্মান প্ৰদৰ্শন কৰাতো জৰুৰী বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য যে নাগালেণ্ডৰ চৰকাৰৰ এই বহু দলীয় পৰামৰ্শদাতা বৈঠকত নিজৰ বক্তব্যৰ সুযোগ নিদিয়াৰ অভিযোগ তুলি নগা ট্ৰাইবেল হোহোৱে আধাতে সভা ত্যাগ কৰে আনহাতে নগা গাঁওবুঢ়া ফেডাৰেচন বৈঠকত উপস্থিত নাছিল । নগা সমস্যা সমাধানৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় তৎপৰতা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে এন এছ চি এন আই এম আৰু এন এন জি পি , ডব্লিউ চিৰ মাজৰ মতানৈক্য দূৰ কৰাৰ বাবে নাগা মাদাৰ এছচিয়েচন, নগা পলিটিকেল এফিৰ্য়েছৰ মিছন আৰু নাগালেণ্ড চৰকাৰে পৃথকে পৃথকে আলোচনা অব্যাহত ৰাখিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি