অসমৰ পাছত নগালেণ্ডত হ’ব পাৰে এন আৰ চি

অসমৰ পাছত নগালেণ্ডত হ’ব পাৰে এন আৰ চি

ডিজিটেল সংবাদ, ডিমাপুৰঃ অসমৰ এন আৰ চিৰ খচৰা প্ৰকাশ হোৱাৰ পাছতেই এতিয়া নগালেণ্ড চৰকাৰে জাৰি কৰিছে এলাৰ্ট। অসম-নগালেণ্ডৰ সীমান্তৱৰ্তী পথসমূহত নগা আৰক্ষীয়ে স্থাপন কৰিছে কেবাখনো তালাচী চকী। নগালেণ্ডে শংকা কৰা মতে, অসমত এন আৰ চি প্ৰকাশ পোৱাৰ পাছতেই বৃহৎ সংখ্যক অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যখনত অনুপ্ৰৱেশ কৰিব পাৰে।

সেয়েহে নগা চৰকাৰে প্ৰত্যেক জিলাৰ মুৰব্বী তথা গাঁওসমূহৰ মুখিয়ালসকললৈ কোনো অচিনাক্ত লোকক তেওঁলোকৰ অঞ্চলসমূহত আশ্ৰয় নিদিবৰ বাবে নিৰ্দেশ জাৰি কৰিছে। ৩০ জুলাইত অসমত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই ৩১ জুলাইৰ পৰাই অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল নগালেণ্ড আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে যাৱতীয় নথিপত্ৰ নথকা কোনো লোককে ৰাজ্যখনত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নাই।

উপযুক্ত পৰিচয়পত্ৰ অবিহনে যাতে কোনো সন্দেহযুক্ত লোক নগালেণ্ডত সোমাব নোৱাৰে তাৰ বাবে ২৪ ঘণ্টাই এনে তালাচী চকীৰ জৰিয়তে নগালেণ্ড পুলিচে আজি তাৰিখলৈকে তালাচী অভিযান অব্যাহত ৰাখিছে। ইফালে, নগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত অনুপ্ৰৱেশ এক ডাঙৰ সমস্যা ৰূপে চিহ্নিত হোৱাৰ পাছত নগালেণ্ড চৰকাৰে অসমৰ দৰে এন আৰ চি প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।

ৰাজ্যখনৰ মুখ্য সচিব ট্ৰেমজেন টয়ে ইংগিত দিয়া মতে অনুৰূপ ব্যৱস্থা নগালেণ্ড চৰকাৰেও ল'ব পাৰে। কিন্তু, প্ৰথমে অসমত ইয়াৰ কি ফল হয় তাক তেওঁলোকে পৰ্যালোচনা কৰিব।

আনহাতে, নগালেণ্ডৰ বহু কেইটা দল-সংগঠনে চৰকাৰক অসমৰ পৰা অবৈধ নাগৰিক অনুপ্ৰৱেশ কৰাৰ ক্ষেত্ৰত অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ সাৱধান কৰি দিছে। আনকি, আন ৰাজ্যৰ পৰা অহা প্ৰতিজন লোকৰ ক্ষেত্ৰত ডিমাপুৰতো ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দাবী উত্থাপন কৰিছে দল-সংগঠনে।

নগালেণ্ড আৰক্ষীয়ে জানিবলৈ দিয়া মতে বিভিন্ন স্থানত উপযুক্ত আৰক্ষীসহ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ তথা অনুপ্ৰৱেশত বাধা দিয়াৰ বাবে অস্থায়ী তালাচী চকী স্থাপন কৰা হৈছে। ইফালে, অসমৰ দৰে নগালেণ্ডতো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতৰ বাবে দাবী তুলিছে ৰাজ্যখনৰ দল-সংগঠনে।

সম্প্ৰতি ডিমাপুৰ জিলাত আইন শৃংখলা পৰিস্থিতি শান্তিপূৰ্ণ হৈ আছে যদিও অবৈধ অনুপ্ৰৱেশকাৰীক লৈ সৰৱ হৈ পৰিছে স্থানীয় দল-সংগঠন। অৱশ্যে এতিয়ালৈকে এন আৰ চি প্ৰকাশৰ পাছত ৰাজ্যখনত কোনো অবৈধ নাগৰিক প্ৰৱেশ কৰাৰ তথ্য পোহৰলৈ অহা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in