সমস্যা সমাধান সন্দৰ্ভত নতুন দিল্লীত নেইফিউ ৰিঅৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ…

সমস্যা সমাধান সন্দৰ্ভত নতুন দিল্লীত নেইফিউ ৰিঅৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ…

ডিজিটেল সংবাদ, ৱাখাঃ প্ৰায় এবছৰ ধৰি স্থবিৰ হৈ পৰা নগা সমস্যাৰ শীঘ্ৰে সমাধানৰ উদ্দেশ্যে ৰাজধানী নতুন দিল্লীত মুখ্যমন্ত্ৰী নেইফিউ ৰিঅৰ নেতৃত্বত যোৱা নাগালেণ্ড বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দলে কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে । ৰিঅ আৰু বিৰোধী এন পি এফ দলৰ নেতা টি আৰ জেলিয়াঙৰ নেতৃত্বৰ সৰ্বদলীয় প্ৰতিনিধি দলটোৱে গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰি নগা ভাৰত ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে এক গ্ৰহণযোগ্য আৰু সন্মানজনক পদক্ষেপ গ্ৰহণ কৰিবলৈ আহবান জনায় ।

তেওঁলোকে নাগালেণ্ড বিধানসভাত শেহতীয়া অধিবেশনত সকলো দলে নগা শান্তি আলোচনাৰ শীঘ্ৰে সমাধানৰ গ্ৰহণ কৰা প্ৰস্তাৱৰ বিষয়ে অৱগত কৰে। উল্লেখযোগ্য যে এন এছ চি এন আই এমে নাগালিমৰ বাবে কৰা সুকীয়া পতাকা আৰু সংবিধানৰ দাবী ভাৰত চৰকাৰে প্ৰত্যাখ্যান কৰাৰ পিছত দুয়োপক্ষৰ মাজত বিগত এবছৰ ধৰি শান্তি আলোচনা অন্তিম পৰ্যায়ত উপনিত হোৱাৰ পাছতো স্থবিৰ হৈ আছে । সম্প্ৰতি কেন্দ্ৰ আৰু এন এছ চি এনৰ আলোচনাৰ গতিৰোধ দূৰ কৰি এক সন্মানজনক আৰু গ্ৰহণযোগ্য সমাধান কৰিবলৈ নাগালেণ্ডৰ সকলো ৰাজনৈতিক দলে এনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰে ।

মুখ্যমন্ত্ৰী ৰিঅৱে প্ৰকাশ কৰামতে তেওঁলোকে সংসদৰ যুটীয়া সমিতি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নগা সমস্যাৰ সন্দৰ্ভত সাক্ষাৎ কৰিব । উল্লেখযোগ্য মধ্যস্ততাকাৰী আৰ এন ৰবি আৰু এন এছ চি এনৰ মাজত ২০১৫ চনৰ ৩ আগষ্টত সম্পাদন কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ব্যাখ্যাৰ মতপাৰ্থক্য সৃষ্টি হোৱাৰ বাবে সম্প্ৰতি আলোচনা স্থবিৰ হৈ আছে । ইফালে এন এছ চি এনে এই বুলি নিজৰ স্থিতি স্পষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু ৰাজনাথ সিঙৰ উপস্থিত স্বাক্ষৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ আধাৰতে চূড়ান্ত নগা চুক্তি স্বাক্ষৰ হোৱাতো তেওঁলোকে বিচাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in