নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ গণতন্ত্ৰ দিৱসৰ ভাষণক সমালোচনা নাগা ইন্টেকলেকচুৱেল ফ’ৰামৰ

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিৰ গণতন্ত্ৰ দিৱসৰ ভাষণক সমালোচনা নাগা ইন্টেকলেকচুৱেল ফ’ৰামৰ

ডিজিটেল সংবাদ, ৱাখাঃ নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে যোৱা গণতন্ত্ৰ দিৱসৰ উপলক্ষ্যে দিয়া ভাষণক লৈ সম্প্ৰতি তীব্ৰ অসন্তুষ্টি আৰু নিন্দা কৰিছে নাগা ইন্টালেকচুৱেল ফ'ৰামে। সোমবাৰে ৰাজধানী নতুন দিল্লীত প্ৰকাশ কৰা এক প্ৰেছ বাৰ্তাত এন আই এফে কয় যে ৰাজ্যপালগৰাকীৰ শেহতীয়া মন্তব্যই নগাসকলক নিৰাশ কৰিছে।

উল্লেখযোগ্য যে গণতন্ত্ৰ দিৱসৰ প্ৰাকসন্ধ্যা ৰাজ্যপাল আৰ এন ৰবিয়ে নিজৰ ভাষণত এই বুলি উল্লেখ কৰিছিল যে নগাসকলৰ অনৈক্যই তেওঁক হতাশ কৰিছে। তদুপৰি যোৱা ১৭ জানুৱাৰীত বিধানসভাত প্ৰদান কৰা অভিভাষণতো ৰাজ্যপাল আৰ এন ৰবিয়ে এইবুলি কৈছিল যে নগা শান্তি আলোচনা সফলতাৰে সম্পন্ন হৈছে। গতিকে তাৰ বাবে এতিয়া নাগালেণ্ডৰ সকলো ৰাজনৈতিক গোটসমূহে একত্ৰিত হ'ব লাগে। ইয়াৰ অন্যথা নগাসকলে ভবিষ্যতে সোণালী সুযোগ হেৰুৱাব পাৰে।

ৰাজ্যপালগৰাকীৰ এনে অতি গুৰুত্বপূৰ্ণ তথা সংবেদনশীল মন্তব্য প্ৰকৃততে গণতান্ত্ৰিক আহ্বানতকৈ সকীয়নি ধৰণৰ হৈছে বুলি অভিযোগ কৰে বিভিন্নজনে। নগা বৌদ্ধিক ফ'ৰামৰ মতে এগৰাকীৰ ৰাজ্যপাল তথা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী হিচাপে আৰ এন ৰবিয়ে অসহিষ্ণুতাৰ প্ৰকাশ কৰিছে। প্ৰকৃততে ৰাজ্যপাল গৰাকীৰ এয়া পৰোক্ষ সকীয়নিৰ দৰে হৈছে। নাগালেণ্ড যদিও ১৯৬৩ চনত ভাৰতৰ অংগ ৰাজ্য হিচাপে গঠন হৈছে তথাপি ই ইতিহাসৰহে অংশ আছিল।

ৰাজ্যপাল ৰবিয়ে কেন্দ্ৰৰ সাংবিধানিক প্ৰতিনিধি হিচাপে সংবিধানৰ নীতি-নিয়ম নীৰিক্ষণ কৰাৰহে দায়িত্ব বুলি মন্তব্য কৰে নগা বৌদ্ধিক ফ'ৰামে। এখন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ উন্নয়ন, আইন আৰু ব্যৱস্থা লুকআউট কৰা নহয়। গণতন্ত্ৰত ৰাজ্যপালগৰাকীৰ মন্তব্য আহ্বানতকৈ অধিক সকীয়নি প্ৰদান কৰাৰ দৰেহে হৈছে। ফ'ৰামে কয়- দায়বদ্ধতাৰ অবিহনে গণতন্ত্ৰ ষড়যন্ত্ৰত পৰিণত হয়। এনেধৰণৰ মন্তব্যই শান্তি আলোচনা কৰা দুই সংস্থাৰ মাজত পৰস্পৰে পৰস্পৰৰ প্ৰতি বিশ্বাস কৰা বা সন্মান জনোৱাৰ মনোভাৱ জন্ম নিদিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in