নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ ৰূপকাৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৮ ছেপ্টেম্বৰত কি ভাল খবৰ দিব নগা ৰাইজক…

নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ ৰূপকাৰ ৰাজ্যপাল আৰ এন ৰবিয়ে ৮ ছেপ্টেম্বৰত কি ভাল খবৰ দিব নগা ৰাইজক…

ডিজিটেল ডেস্কঃ নগাভূমিৰ জনতাৰ বাবে মঙলবাৰৰ দিনটো ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণই নহয়, ৫০ বছৰীয়া এক সংগ্ৰামৰ সামৰণিৰ ইংগিত কঢ়িয়াই অনা এই দিনটোৰ এক প্ৰকাৰ স্মৃতি দিৱসো। যি স্মৃতি ব্যৰ্থতা আৰু বেদনাৰ। প্ৰণিধানযোগ্য যে, ১৯৯৭চনৰ ১ আগষ্টতে বেংককত প্ৰয়াত প্রধানমন্ত্ৰী আই কে গুজৰালৰ তৎপৰতাত সম্পাদিত হৈছিল নগা বিদ্ৰোহৰ সমাপ্তিৰ প্ৰচেষ্টাৰ সূত্ৰপাত।

ভবা হৈছিল মাডাৰ অৱ ইনছাৰ্জেঞ্জী বুলি কোৱা নগা বিদ্ৰোহৰ অৰ্ধশতিকা পাৰ হোৱা ৰক্তাক্ত বিদ্ৰোহৰ সামৰণি যাত্ৰাৰ এয়া আৰম্ভণি হ'ব। ইয়াৰ পাছত পাৰ হৈ গ'ল বহু বছৰ। অনুষ্ঠিত হ'ল নগা বিদ্ৰোহী সংগঠনৰ সৈতেও বিদেশৰ মাটিত সেয়া ছুইজাৰলেণ্ডেই হওঁক অথবা বেংকক বা আন কোনো বিদেশী ৰাষ্ট্ৰতেই হওঁক বহুলানি আলোচনা।যাৰ অন্তত ২০১৫চনৰ ৪ আগষ্ট তাৰিখে এনএছচিএন (আই এম) গোটৰ সৈতে সম্পাদিত হৈছিল ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট।

এই ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ পাছতেই ছেপ্টেম্বৰৰ ৮ তাৰিখে নগালেণ্ডৰ তেতিয়াৰ ৰাজ্যপাল পিবি আচাৰ্যই ঘোষণা কৰিছিল- এতিয়াৰ পৰা আৰু এনএছচিএন উগ্ৰপন্থী সংগঠন নহয়। তেওঁলোক সমাজৰ এটা অংগ। আৰু সমাজৰ সৈতে মিলি ৰাজ্যখনৰ সৰ্বাংগিন বিকাশৰ বাবে তেওঁলোকে কাম কৰি যাব। যি সকলে দেশৰ বিৰুদ্ধে যুঁজাৰ বাবে বন্দুক হাতত তুলি লৈছিল, সেই সকলৰ এক বৃহৎ অংশ এতিয়া ৰাষ্ট্ৰৰ নিৰাপত্তা বাহিনীত নিযুক্তি প্ৰদান কৰা হ'ব।

ইয়াৰ পৰৱৰ্তী সময়ত ২০১৭চনত নগা বিদ্ৰোহৰ পিতামহ স্বৰূপ ফিজোৰ কন্যাৰ নেতৃত্বত পৰিচালিত এনএনচিৰ লগতে আন ৬টাকৈ বিদ্ৰোহী সংগঠনৰ সৈতে সম্পাদন কৰা হয় ২০১৫চনত স্বাক্ষৰিত ফ্ৰেমৱৰ্ক চুক্তিৰ প্ৰতি সমৰ্থন সূচক শেষৰখন চুক্তি। এই সমগ্ৰ প্ৰক্ৰিয়াত মধ্যস্থতাকাৰী হিচাপে এক শক্তিশালী ভূমিকা পালন কৰিছিল বৰ্তমানৰ ৰাজ্যপাল আৰ এন ৰবিয়ে।

২০১৫চনত নগা বিদ্ৰোহৰ সমাপ্তিৰ বাট কটা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ আঁৰৰ ৰূপকাৰ ৰাজ্য আৰ এন ৰবিৰ বাবে সেয়ে মঙলবাৰৰ দিনটো অতিকৈ গুৰুত্বপূৰ্ণ এক দিন। নগা বিদ্ৰোহৰে জড়িত প্ৰতিজন সদস্যৰ লগতে প্ৰায় ৭০ বছৰৰো অধিক কাল ৰক্তাক্ত বিদ্ৰোহৰ সাক্ষী নগা ৰাইজেও অতি আগ্ৰহেৰে বাট চাই আছে মঙলবাৰৰ দিনটোত ৰাজ্যপাল ৰবিয়ে কেনে আনন্দৰ খবৰ দিয়া তালৈ। কিয়নো বিগত ৫ টা বছৰত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰূপায়নৰ লগতে মুল শান্তি চুক্তি সম্পাদনৰ বাবে বহুলানি আলোচনা হৈছে যদিও বিদ্ৰোহৰ অন্ত পৰা নাই।

ম্যানমাৰ সীমান্তৰ অৰণ্যত প্ৰতিদিনাই চলিছে ধাৰাসাৰ গুলী। বিদ্ৰোহীৰ ৰকেট নিক্ষেপৰ ফলত যিদৰে নিৰাপত্তা বাহিনীৰ লগতে নিৰীহ নগা লোকৰ মৃত্যু হৈছে, একেদৰেই নিৰাপত্তা বাহিনীৰ প্ৰত্যাক্ৰমণত এতিয়াও নিতৌ প্ৰাণ দিছে অসংখ্য বিদ্ৰোহী অথবা নিৰপৰাধী নাগৰিকে। সেই বাবেই প্ৰত্যাশা আৰু বেদনা মিশ্ৰিত অনুভূতি লৈ অপেক্ষা কৰা নগা জনতাই বিচাৰে আনন্দৰ স্মৃতি বহনকাৰী মঙলবাৰৰ এই বিশেষ দিনটোত ৰাজ্যপাল গৰাকীৰ মুখেৰে স্থায়ী শান্তিৰ ইংগিত বহনকাৰী বাস্তৱ সন্মত বাক্য উচ্চাৰিত হওঁক। অৱশ্যে মঙলবাৰৰ দিনটোত নগা জাতিক আনন্দ উত্ৰাৱল হ'ব পৰাকৈ তেনে কিবা তথ্য অৱগত কৰিবলৈ ৰাজ্যপালগৰাকী সক্ষম হ'ব পাৰিব বুলি আশা কৰা নাযায়।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in