নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙৰ প্ৰয়াত অধ্যক্ষ এছ এছ খাপলাঙৰ পত্নীৰ দেহাৱসান

নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙৰ প্ৰয়াত অধ্যক্ষ এছ এছ খাপলাঙৰ পত্নীৰ দেহাৱসান

ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং গোটৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা নগা জাতিৰ আত্মনিয়ন্ত্ৰ সংগ্ৰামৰ নেতা প্ৰয়াত এছ এছ খাপলাঙৰ পত্নী ছিৰময় খাপলাঙৰ শুকুৰবাৰে পুৱা ম্যানমাৰ ছাগাইঙিৰ মিটকিনা গাঁৱত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫ বছৰ।

দীৰ্ঘ দিনৰ অসুস্থতাৰ অন্তত ছিৰময় খাপলাঙে শুকুৰবাৰে ছাগাইঙিত থকা তেওঁৰ নাতিয়েকৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে, ম্যানমাৰৰ হেমী জনগোষ্ঠীৰ ছিৰময়ে এন এছ চি এনৰ নেতা প্ৰয়াত এছ এছ খাপলাঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈ বিগত ছয় দশকজোৰা নগা জাতিৰ আত্মনিয়ন্ত্ৰ অধিকাৰ সংগ্ৰামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। প্ৰয়াত বিদ্ৰোহী নেত্ৰী গৰাকী মৃত্যুত ম্যানমাৰস্থিত নগা ছ'চিয়েলিষ্ট কাউন্সিলৰ য়ুঙ আঙৰ গোটে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in