এমাহতে দ্বিতীয় বাৰৰ বাবে নগাই অসমৰ সংৰক্ষিত অভয়াৰণ্যৰ গছ কাটি কৰিলে অগ্নি সংযোগ

এমাহতে দ্বিতীয় বাৰৰ বাবে নগাই অসমৰ সংৰক্ষিত অভয়াৰণ্যৰ গছ কাটি কৰিলে অগ্নি সংযোগ

ডিজিটেল সংবাদ,মৰিয়নীঃ  ৰাজ্যত নিৰ্বাচন গৰম বতাহ বলাৰ সময়ত আকৌ ক্ৰমাৎ অগ্নিগৰ্ভা হৈছে অসম নগালেণ্ডৰ সমস্যা৷ চলিত মাহত প্ৰথম ভাগত অসম নগালেণ্ড সীমান্তৱৰ্তী ই ছেক্টৰ ভূমিত মৰিয়নীৰ থানাৰ অন্তগৰ্ত মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তগৰ্ত নিউ সোনোৱাল খণ্ড বন বিষয়া কায্যলয় সন্মুখত ভাগতে প্ৰায় এক কি:মি: নিলগৰ স্থানত দিনৰ ভাগতে কেইটামান নগা দুৰ্বৃত্তই দিচৈভেলি সংৰক্ষিত অভয়াৰণ্য মূলাৱান গছগছনি কাটি অগ্নি সংযোগ কৰিছিল৷ সেই ঘটনাৰ ১৫ টা দিন অতিক্ৰম নহওতেই পুনৰ একে ষ্ঠানত অসমৰ মাটিত নগা দুৰ্বৃত্তই আগ্ৰাসন আৰম্ভ কৰিছে, ইতিমধ্যে অসম নগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীৰ ই ছেক্টৰ ভূমিত আগ্ৰাসন নগাৰ দুৰ্বৃত্তৰ৷

মৰিয়নী নিউ সোনোৱাল সেউজ গাঁও,পাঞ্চোঁৱা গাঁও,আদি কৰি প্ৰায় ৬ খন অসমৰ গাঁও নগালেণ্ড সীমান্তৱৰ্তী গাঁও হোৱাৰ বাবে ৰাইজে এতিয়া বিনিদ্ৰ ৰজনীত দিন কটাব লগীয়া হৈছে৷চলিত মাহৰ ১১ তাৰিখে দিনৰ ভাগৰ পৰা যেতিয়া নগা দুৰ্বৃত্তই সংৰক্ষিত অভয়াৰণ্য গছগছনি কাটিবলৈ আৰম্ভ কৰিছিল আৰু সেই সময়ত অসমৰ পৰা হাবিলৈ বুলি খৰি আনিব যোৱা কেইজনমান লোকে এই কথা জানিব পাৰি নিউসোনোৱাল খণ্ড বন বিষয়া কায্যলয় দায়িত্বত থকা বন বিভাগৰ লোকক অৱগত কৰে কিন্তু সেই সময়ত নিউসোনোৱাল খণ্ড বন বিষয়া কায্যলয় দায়িত্ব থকা বন বিষয়া নৱজিৎ শইকীয়া ছুটীত আছিল আৰু লজ্জাজনক ভাৱে নিউসোনোৱাল খণ্ড বন বিষয়া কায্যলয়টোত দিনৰ ভাগত মাত্ৰ দুজন আৰু নিশাৰ ভাগত এজন লোকে নিজৰ কতব্য পালন কৰে৷

এই দৰে চলি আছে ৰাজ্যৰ বন বিভাগৰ কামকাজ,যাৰ ফলস্বৰূপে নগা দুৰ্বৃত্তই অসমৰ সংৰক্ষিত অভয়াৰণ্যৰ ভূমিত বেআইনীভাৱে প্ৰবেশ কৰি মূল্যৱান গছগছনি কাটি কাঠ সমুহ চোৰাং ভাৱে লৈ যায় আৰু পাহাৰত অগ্নি সংযোগ কৰাৰ পাছতো এটা তহল দিবলৈ বুলি সময় নহল বন বিভাগৰ৷উপায়ন্তৰ হয় সীমান্ত কাষৰীয়া গাঁওৰ লোকে মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এই বিষয়ে অৱগত কৰে৷ কিন্তু সেই সময়ত মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী সলনি হয় যদিও নতুনকৈ নৱনিযুক্ত মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক বৰাই অসমৰ মাটিত নগালেণ্ড ৰ দুবৃত্তই আগ্ৰাসন কৰা কথা অবগত হয় তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰে তাৰ ফলস্বৰূপে নগা দুৰ্বৃত্তই যি অসমৰ ভূমিত আগ্ৰাসন আৰম্ভ কৰিছিল তাত বাধা আৰোপ কৰাত সফল হয় যদিও সেয়া খন্তেকীয়া আছিল৷

কাষৰীয়া ৰাজ্য নগালেণ্ডৰ পৰা মঙলবাৰে দিনৰ ভাগত পুণৰ অসমৰ সংৰক্ষিত দিচৈভেলি অভয়াৰণ্যৰ মুল্যৱান গছগছনি কাটি নগাই অগ্নিসংযোগ কৰিছে সন্ধিয়া ভাগত পাহাৰত লগা জুই কলা ধূৱাই সম্পত্তি দূৰৰ পৰা সহজে অনুমেয় হয় পৰিছে বন জুই কথা ইয়াৰ আগৰ বাৰ নগা দুবৃত্তই যি দৰে বনজুই লগাইছিল এইবাৰ তাতকৈ বৃহৎ ভাৱে লাগিছে এই বন জুই কিন্তু এতিয়া লক্ষ্যণীয় হব বন বিভাগ আৰক্ষী প্ৰশাসনে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in