পুনৰ অসমৰ ভূমিত সশস্ত্ৰ নগাৰ অগ্ৰাসন…

পুনৰ অসমৰ ভূমিত সশস্ত্ৰ নগাৰ অগ্ৰাসন…

ডিজিটেল সংবাদ, মৰিয়নিঃ অসম চৰকাৰৰ আৰক্ষী প্ৰশাসনৰ সহজ আত্মসমৰ্পণৰ বাবে মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ ভয়াবহ আগ্ৰাসন। অসমৰ তিনিওখন সংৰক্ষিত বনাঞ্চলৰ অধিকাংশ ভূমি নগাৰ বেদখলত থকাৰ পাছত এতিয়া অৱশিষ্ট ভূমিৰ ওপৰটো লুলোপ দৃষ্টি পৰিছে আগ্ৰাসী নগাৰ। দিছৈ ভেলীৰ পাছত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমি নগাই হস্তগত কৰিবলৈ উঠি পৰি লাগিছে।

যোৰহাট জিলাৰ চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত অস্ত্ৰধাৰী নগা লোকে শিবিৰ পাতি বিচৰন কৰি থকা লগতে বনাঞ্চলখনৰ গছ গছনি কাটি তহিলং কৰি কেইবাটাও পাহাৰ ইতিমধ্যে জ্বলাই দিয়াত সীমান্তত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। । মন কৰিব লগীয়া যে, তিৰুহিলছ বনাঞ্চলৰ চাৰিঙাজুৰি এলেকাত শিৱিৰ পাতি এন এছ চি এন (আই এম) গোটৰ অত্যাধুনিক মৰানাস্ত্ৰৰে সজ্জিত এটা বৃহৎ দলে বাহৰ পাতি থকা বুলি জানিব পৰা গৈছে।

নগা সশস্ত্ৰ দলটোৱে অসমৰ ভূমিত বেদখল চলোৱা সাধাৰণ নগালোক সকলক পহৰা দি থাকে।ইফালে আজি তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত কেইবাকিলোমিটাৰ খোজ কাঢ়ি গৈ অসমৰ বনাঞ্চলখনত নগাই চলোৱা ভয়াবহ আগ্ৰাসন প্ৰত্যক্ষ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। হাতত দা লৈ স্থানীয় একাংশ লোকক লৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নগাৰ ভয়াবহ বেদখল প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে।

ইফালে, বিধায়ক গৰাকীয়ে বিজেপি চৰকাৰৰ দিনত অসমৰ ভূূমিত নগাৰ আগ্ৰাসন বৃৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰে।উল্লেখ্য যে সীমান্তবৰ্ত্তী অঞ্চলটো নীৰিক্ষণৰ বাবে ৰজাবাৰী,গাভৰুত দুটাকৈ সীমান্ত নীৰিক্ষণ চকী আছে।তৎ সত্বেও নগাৰ ভয়াবহ আগ্ৰাসন বন্ধ হোৱা নাই বৰঞ্চ বাঢ়িছেহে।উল্লেখ্য যে চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত অসমৰ গোসাইবাৰী,লক্ষ্মীজান,ৰণখাম, গড়কোষ আদি অঞ্চলত নগা বিদ্ৰোহীয়ে সততে মুক্ত বিচৰণ কৰাৰ লগতে স্পৰ্শকাতৰ অঞ্চলটোত সশস্ত্ৰ এন এছ চি এনে অসমীয়া লোকক মাৰপিট,ধনদাবী কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই অহাত সীমান্তৰ অসমীয়া লোকসকল শংকাৰে দিন পাৰ কৰিবলগীয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in