আৰম্ভ হ’ল NADI- এছিয়ান কনফ্লুয়েঞ্চ ৰিভাৰ কনক্লেভ-২০২২
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু অসম চৰকাৰৰ এক্ট ইষ্ট ইষ্ট পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱা NADI, Asian Confluence River Conclave-2022 কাৰ্যসূচী পুৱা ৮-৩০ বজাৰ পৰা আৰম্ভ হৈছে। গুৱাহাটীৰ পঞ্চতাৰকা যুক্ত হোটেল ৰেডিচন ব্লুত অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সভাখনত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী এছ জয়শংকৰ উপস্থিত আছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধনী ভাষণ আগবঢ়োৱা এই অনুষ্ঠানত কেইবাখনো এছিয়ান দেশৰ নেতাই অংশগ্ৰহণ কৰিছে। বাংলাদেশ, ইণ্ডোনেছিয়া, কম্বোদিয়া, ম্যানমাৰ, চিংগাপুৰ, থাইলেণ্ডকে ধৰি কেইবাখনো দেশৰ বৈদেশিক সচিব, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আদিয়ে অংশগ্ৰহণ কৰিছে।
এইসকল নেতাৰ উপৰিও অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীত বহু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। ইতিমধ্যে ৰাষ্ট্ৰনেতাসকলৰ লগতে এই বিশেষজ্ঞসকলো আহি গুৱাহাটীত উপস্থিত হৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

ইফালে শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ পৰা অহা বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমিনকে ধৰি ৬০ জনীয়া বৃহৎ দলটো আৰু অন্যান্য এছিয়ান দেশৰ নেতা তথা বিশেষজ্ঞসকলৰ সৈতে এক নৈশ ভোজৰ আয়োজন কৰে। ৰাজ্যৰ কেইবাজনো মন্ত্ৰী, বিধায়ক, সাংসদ উপস্থিত থাকে।

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অনুষ্ঠানত নদীক কেন্দ্ৰ কৰি গঢ়লৈ উঠা বাণিজ্য, অৰ্থনীতি, সম্ভাৱনা আদি বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব। আলোচনাৰ উপৰিও সমল ব্যক্তিৰ দ্বাৰা বক্তৃতা অনুষ্ঠান আৰু ঘূৰণীয়া মেজমেলো অনুষ্ঠিত হ’ব।
ক্লিক কৰি পঢ়কঃ ‘ৰেডিচন ব্লুত ৰঙালাইট’- চিংগাপুৰ, কম্বোদিয়া, থাইলেণ্ড, বাংলাদেশসহ ৭ এছিয়ান দেশৰ নেতা….