বিৰোধী হলেও গুৰুজ্যোতি আৰু বিনন্দক বিধান সভাত বিচাৰে প্ৰমিলাৰানী বহ্মই…

বিৰোধী হলেও গুৰুজ্যোতি আৰু বিনন্দক বিধান সভাত বিচাৰে প্ৰমিলাৰানী বহ্মই…

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত জিলা পুথিভঁৰাল মঙলদৈৰ প্ৰেক্ষাগৃহত শুক্ৰ বাৰে অনুষ্ঠিত হয় নৱৰূপত স্বয়ম আঁচনিৰ শুভ উদ্ধোধনী অনুষ্ঠান। অনুস্থানত উপস্থিত থাকে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম , বিধায়ক গুৰুজ্যোতি দাস, বিনন্দ কুমাৰ শইকীয়া, জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা ,জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল।

এই নৱৰূপত স্বয়ম আচনিত দৰং জিলাৰ ৫৩৬ তা আত্মসহায়ক গোটৰ ৪৩৩১ জন হিতাধিকাৰীয়ে লাভ কৰে এই আঁচনিৰ ধন। প্ৰথম পৰ্যায়ত ৫০ হাজাৰ টকাৰ প্ৰথম কিস্তি ৩০ হাজাৰকৈ টকাকৈ লাভ কৰে হিতাধিকাৰীসকলে।

অনুস্থানত উপস্থিত থকা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ভাষনত কৃষি মন্ত্ৰী হৈ থকা সময়ত অসমৰ জালিয়নাবাগ পাথৰিঘাটত একো এটা কৰি দিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰি দৰং বাসীৰ ওচৰত ক্ষমা খোজে। মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস আৰু চিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়া ভাল মানুহ ,কৰ্মঠ লোক, আগন্তুক দিন বোৰতো এওঁলোক অসম বিধান সভাত থাকক বুলি মন্তব্য কৰে।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে "২১ ৰ নিৰ্বাচনৰ বাবে বিপিএফ এতিয়াও সাজু হোৱা নাই। নতুন দলৰ লগত বিজেপিয়ে মিত্ৰতা কৰিব। আমি অকলেই নিৰ্বাচনত অৱৰ্তীন হম।বিপিএফৰ কোনো দলৰ লগত মিত্ৰতা নহয়। ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ বাবে যি দলে চৰকাৰ গঠন কৰে সেই দলৰ লগত আমি থাকো "

মঙলদৈৰ সংসদ দিলীপ শইকীয়াই এই স্বয়ম আঁচনি ৰ জৰিয়তে নিবনুৱা যুৱক যুৱতী সকল স্বাৱলম্বী হব পাৰিব বুলি কয়। লগতে কোনোবাই শ্লোগান দিয়ে অসম প্ৰথম এই শ্লোগানেৰে পেট নভৰে। আৱেগত দেশ নচলে বুলি কতাক্ষ কৰে।

প্ৰমিলা ৰানী বহ্মই সাংবাদিকক কোৱা কথাৰ উত্তৰত সাংসদ গৰাকীয়ে কয় যে হাগ্ৰামা মহিলাৰী মুখ্যমন্ত্ৰী হওক প্ৰমিলা বাইদেউ গৃহমন্ত্ৰী হওক আমি শুভেচ্ছা দিছো। কাৰন বিপিএফ ৰ লগত মিত্ৰতা ইতিমধ্যে প্ৰায় ছেদ হৈছে।

সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত সাংসদ দিলীপ শইকীয়াই কয় যে কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা অপ্ৰকৃতিক। গোপীনাথ বৰদলৈ ৰ পদক্ষেপ কংগ্ৰেছ দলে ভৰিৰে মোহাৰিছে।গোপীনাথ বৰদলৈ অসম ৰক্ষা কৰিলে আজিৰ কংগ্ৰেছ মৌলবাদীৰ লগত লগ লাগি অসম ধ্বংস ৰ চক্ৰান্তত লিপ্ত হৈছে।
এই নৱৰূপত স্বয়ম আচনিৰ উদ্ধোধনী অনুস্থানত হিতাধিকাৰী সকলৰ উপৰিও জিলাখনৰ বহু সংখ্যাক লোক উপস্থিত আছিল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in