শেহতীয়া খবৰ
ৰাজস্থানত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহযাত্ৰী কঢ়িওৱা বাছ পৰিলগৈ নদীত, ১৮ জনৰো অধিক লোকৰ মৃত্যু...  •  ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...

অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই

758

ডিজিটেল সংবাদ, শিলচৰঃ অৱশেষত কৰিমগঞ্জ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ নিৰ্মাণৰ ভুমি অধিগ্ৰহণ আৰ্থিক কেলেংকাৰী অভিযুক্ত এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই৷ দেওবাৰে সন্ধিয়া কৰিমগঞ্জ সদৰ থানাত গৈ সোঁ শৰীৰে আত্মসমৰ্পণ কৰে কাছাৰৰ জিলা উন্নয়ণ আয়ুক্ত (ডিডিচি) তথা কৰিমগঞ্জৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে৷ আত্মসমৰ্পণৰ পিচতে আৰক্ষীয়ে এচিএছ বিষয়াজনক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিচতে শীৰ্ষ আৰক্ষী বিষয়াৰ দল এটাই ৪১ টা গোচৰ সন্দৰ্ভত মাৰাথান জেৰা আৰম্ভ কৰিছে ভূমি কেলেংকাৰিৰত অভিযুক্ত নবাৰুন ভট্টাচাৰ্যক৷ উল্লেখ্য যে, কৰিমগঞ্জৰ বাংলাদেশ সীমান্তৱৰ্তী সুতাৰকান্দিত আন্তৰ্জাতিক বন্দৰ নিৰ্মাণৰ ভুমি অধিগ্ৰহণ আৰ্থিক কেলেংকাৰীত অভিযুক্ত এই গৰাকী নবাৰুন ভট্টাচাৰ্য৷ মাটিৰ প্ৰকৃত গৰাকীৰ পৰা মাটি ক্ৰয় নকৰাকৈ চক্ৰ বিষয়াৰ কায্যালয়ৰ এচাম কৰ্মীৰ সহযোগত মাটিৰ ভুৱা নথি প্ৰস্তুত কৰি কেইবা কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিমগঞ্জৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত নবাৰুন ভট্টাচাৰ্যৰ বিৰুদ্ধে৷

এই কেলেংকাৰিত জড়িত থকাৰ অভিযোগত কেবাজনো চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৪১ টাকৈ গোচৰ ৰুজু হৈছে কৰিমগঞ্জ থানাত৷ ইতিমধ্যে, কৰিমগঞ্জৰ প্ৰাক্তন উপায়ুক্ত প্ৰদীপ তালুকদাৰ, চক্ৰ বিষয়া হোমেন গোঁহাই বৰুৱাসহ চক্ৰ বিষয়া কাৰ্যালয়ৰ আন দুজন কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি