পৰ্বতাৰোহণৰ নামত নাটকঃ দিছপুৰত দুই মন্ত্ৰীয়ে বিতৰ্কিত পৰ্বতাৰোহীৰ ভুৱা অভিযানৰ ফ্লেগ অফ কৰিলে, সংগ্ৰহ কৰিলে ১ লাখ টকাৰ চেক

পৰ্বতাৰোহণৰ নামত নাটকঃ দিছপুৰত দুই মন্ত্ৰীয়ে বিতৰ্কিত পৰ্বতাৰোহীৰ ভুৱা অভিযানৰ ফ্লেগ অফ কৰিলে, সংগ্ৰহ কৰিলে ১ লাখ টকাৰ চেক

ডিজিটেল সংবাদ গুৱাহাটীঃ ৰাজ্যৰ এগৰাকী পৰ্বতাৰোহী। শেহতীয়াকৈ তেওঁ ৰাছিয়াৰ সৰ্ব্বোচ্ছ শৃংগ মাউণ্ট এলব্ৰুছত অভিযানৰ বাবে সাজু হৈছে। তেওঁৰ এই অভিযানৰ ফ্লেগ অফ কৰিছে ৰাজ্যৰ দুগৰাকী মন্ত্ৰীয়ে যুটীয়াভাৱে। ২৭ জুলাই ২০২১ ত দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তেওঁৰ এলব্ৰুছ অভিযানৰ ফ্লেগ অফ কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু ৰাজহ মন্ত্ৰী যোগেন মহনে। ইয়াৰোপৰি তেওঁক অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা মন্ত্ৰী বিমল বৰাই ১ লাখ টকাৰ চেক আগবঢ়াইছে। কিন্তু এই পৰ্বতাৰোহীগৰাকীৰ এই অভিযান ভুৱা বুলিহে চৰ্চা চলিছে।

নৱ কুমাৰ ফুকন, অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ এগৰাকী শাৰীৰিক নিৰ্দেশক। এই গৰাকী ব্যক্তিয়েই ৰাছিয়াৰ সৰ্ব্বোচ্ছ শৃংগ মাউণ্ট এলব্ৰুছ অভিযানৰ নামত এক ভুৱা অভিযানৰ বাবে সাজু হৈছে। ট্ৰেভেল এজেন্সিৰ জৰিয়তে এই এলব্ৰুছলৈ যাব নৱ কুমাৰ ফুকন। শাৰীৰিক ভাৱে সুস্থ হ'লেই কিছুমান ট্ৰেভেল এজেন্সিয়ে এলব্ৰুছলৈ যোৱাৰ ব্যৱস্থা কৰে। তেনে এক ট্ৰেভেল এজেন্সিৰ জৰিয়তেই এতিয়া তেওঁ এলব্ৰুছলৈ যাবলৈ ওলাইছে আৰু দুঃসাহসিক অভিযানৰ নামত চৰকাৰৰ পৰা নিজৰ কুবুদ্ধিৰে ১ লাখ টকা সৰকাইছে। এইয়া আমাৰ কথা নহয়। এই কথা প্ৰকাশ কৰিছে অসমৰে দুঃসাহসিক ক্ৰীড়া জগতৰ লগত জড়িত একাংশ ব্যক্তিয়ে।

২০১৫ চনত এইগৰাকী নৱ কুমাৰ ফুকনে কিলিমাঞ্জাৰো অভিযান কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে প্ৰচাৰ চলাইছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ এই প্ৰচাৰ ভুৱা বুলি প্ৰমাণিত হৈছিল। একেদৰে দুবাৰকৈ এভাৰেষ্ট আৰোহণ কৰিও সফল নোহোৱা এইগৰাকী নৱ কুমাৰ ফুকনে এভৰেষ্ট আৰোহণৰ ভুৱা তথ্য দাখিল কৰি ৬ বছৰলৈ এভাৰেষ্ট আৰোহণৰ পৰা নিষিদ্ধ হ'বলগীয়া হৈছে।

নেপাল চৰকাৰে এই বিষয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। ২০১৬ চনত এভাৰেষ্ট আৰোহণ কৰা বুলি প্ৰচাৰ চলোৱা নৱ কুমাৰ ফুকনৰ সেই অভিযান ভুৱা আছিল বুলি প্ৰমাণ হোৱাত নেপাল চৰকাৰে ৬ বছৰৰ বাবে নৱ কুমাৰ ফুকন সহিতে মুঠ ৩ জন ভাৰতীয় পৰ্বতাৰোহীক ৬ বছৰৰ বাবে নিষিদ্ধ কৰিছে। তেওঁলোকে এভাৰেষ্ট আৰোহণ কৰাৰ ভুৱা তথ্য আৰু ফটো দাখিল কৰিছিল নেপালৰ সংশ্লিষ্ট বিভাগত।

ইয়াৰ পাছতে তেওঁলোকৰ এই আৰোহণৰ তথ্য ভুৱা বুলি প্ৰমাণ হোৱাত নেপাল চৰকাৰে এভাৰেষ্টত নৱ কুমাৰ ফুকনৰ লগতে নৰেন্দ্ৰৰ সিং যাদৱ আৰু সীমা ৰাণী গোস্বামীক। তেওঁলোকৰ এই নিষিদ্ধতা ২০১৬ চনৰ মে' মাহৰ পৰা কৰ্যকৰী হৈছে। এই সম্পৰ্কে নেপালৰ সংবাদ মাধ্যমৰ লগতে ভাৰতৰ সংবাদ মাধ্যমতো বাতৰি পৰিবেশন হৈছিল।

ইফালে হিমালয়ৰ ভাৰতৰ অংশত কোনোধৰণৰ অভিযান কৰাৰ অনুমতি নাই নৱ কুমাৰ ফুকনৰ। কিয়নো তেওঁৰ পৰ্বতাৰোহণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু যোগ্যতা আহৰণ কৰা নাই। সেয়েহে তেওঁক ইণ্ডিয়ান মাউণ্টেনিয়াৰিং ফাউণ্ডেশ্বনে ভাৰতীয় হিমালয়ত অভিযানৰ কোনো অনুমতি প্ৰদান নকৰে।

এনে এগৰাকী ব্যক্তিয়ে পুনৰ পৰ্বতাৰোহণৰ নামত চৰকাৰী ধন সংগ্ৰহ কৰি অসম চৰকাৰৰ দুজনকৈ মন্ত্ৰীক বিপথে পৰিচালিত কৰাৰ বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in