এখুদ ককাইদেউৰ আজি স্মৃতি দিৱস

এখুদ ককাইদেউৰ আজি স্মৃতি দিৱস

ডিজিটেল ডেস্কঃ নৱকান্ত বৰুৱা অসমৰ সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। অধ্যয়নপুষ্ট মন আৰু সংবেদনশীল হৃদয়ৰে অসমীয়াকাব্য সাহিত্যত এক নতুন দিগন্তৰ সূচনা কৰা কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ১৯২৬ চনৰ ২৯ ডিচেম্বৰ তাৰিখে। চৰকাৰী মজলীয়া বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা নৱকান্ত বৰুৱাই পাছলৈ নগাওঁ চৰকাৰী বালক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু কলিকতাৰ শান্তি নিকেটনৰ পৰা ইংৰাজী বিষয়ত অনাৰ্চ লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত আলিগঢ় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে নৱকান্ত বৰুৱাই।


ছাত্ৰ জীৱনৰ পাছত উত্তৰ প্ৰদেশৰ এখন কলেজত চাকৰি জীৱনৰ পাতনি মেলা নৱকান্ত বৰুৱাই যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়তো যোগদান কৰিছিল যদিও তেওঁ শেষলৈ কটন মহাবিদ্যালৰ সৈতে জড়িত হৈ পৰে । ১৯৬৭ চনত তেওঁ অসম মাধ্যমিক শিক্ষা পৰিষদত নিযুক্ত হয়। কিন্তু তাৰ পাছত তেওঁ পুনৰ কটন মহাবিদ্যালয়ত যোগদান কৰে আৰু উপাধ্যক্ষ হিচাপে ১৯৮৪ চনত অৱসৰ গ্ৰহণ কৰে।


১৯৯০ চনৰ অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনত সভাপতিৰ আসনো অলংকৃত কৰিছিল নৱকান্ত বৰুৱাই। একালত সীমা দত্ত ছদ্ম নাম লৈ বহু কবিতা ৰছনা কৰি অসমৰ কাব্যানুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হোৱা নৱকাম্ত বৰুৱাই এঘাৰখনকৈ কাব্য সংকলন, পাঁচখনকৈ উপন্যাস ৰচনা কৰাৰ উপৰিও ভালেসংখ্যক শিশু উপযোগী সাহিত্যও ৰচনা কৰি থৈ গৈছে। ১৯৭৫ চনত সাহিত্য একাডেমী বঁটা, ১৯৭৬ চনত পদ্ম ভূষণ বঁটাৰে সন্মানিত কবি নৱকান্ত বৰুৱা ওৰফে এখুদ ককাইদেউৰ মৃত্যু হয় ২০০২ চনৰ ১৪ জুলাই তাৰিখে। বিশিষ্ট সাহিত্যিক গৰাকীৰ আজিৰ মৃত্যুৰ তিথিত শ্ৰদ্ধাৰে সোঁৱৰিছে তেওঁৰ অলেখ গুণমুগ্ধই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in