আজি এখুদ ককাইদেউৰ মৃত্যু তিথি…

আজি এখুদ ককাইদেউৰ মৃত্যু তিথি…

ডিজিটেল সংবাদঃ আজি "এখুদ ককাইদেউ"নৱকান্ত বৰুৱাৰ মৃত্যুতিথি। অসমৰ এগৰাকী বিশিষ্টি শিকষাবিদ, সাহিত্যিক, ঔপন্যাসিক, কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱকান্ত বৰুৱাৰ ২০০২ চনৰ ১৪ জুলাইত মৃত্যু হৈছিল।

১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত নীলকান্ত বৰুৱা আৰু স্বৰ্ণলতা বৰুৱাণীৰ ঔৰষত জন্মলাভ কৰিছিল নৱকান্ত বৰুৱা।নগাঁও, কলকাতা, উত্তৰ প্ৰদেশ আদিত শিক্ষাজীৱন পাৰ কৰা নৱকান্ত বৰুৱাই উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ কে মহাবিদ্যালয়ত শিক্ষকতাৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পাছত তেওঁ অসমৰ এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পাছত কটন কলেজত যোগদান কৰে আৰু এই কলেজৰ পৰাই উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।

এখুদ ককাইদেউ হিচাপে অসমৰ সাহিত্য জগতত জনপ্ৰিয় নৱকান্ত বৰুৱাদেৱে কবিতা, উপন্যাস, অনুবাদ সাহিত্যক ধৰি বিভিন্ন গ্ৰন্থৰে অসমীয়া সাহিত্য জগতলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ কবিতা পুথি সমূহ হ'ল হে অৰণ্য হে মহানগৰ (১৯৫১), যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০), এটি দুটি এঘাৰটি তৰা (১৯৫৭), ৰত্নাকৰ (১৯৮৬), ৰাৱণ(১৯৬৩), সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০), মোৰ আৰু পৃথিৱী (১৯৭৩), এখন স্বচ্ছ মুখাৰে (১৯৬০), দলঙত তামীঘৰা (১৯৯১), সম্ৰাট (১৯৬২), নিৰ্বাচিত কবিতা (ইংৰাজীত)।

তেওঁৰ অনুবাদ সাহিত্য সমূহ হ'ল এশ কবিতা, আহত মৰাল, নজৰুল ইছলামৰ কবিতা, মুক্তধাৰা, কবিৰাই কয়।

তেওঁ উপন্যাস কপিলীপৰীয়া সাধু (১৯৫২), ককাদেউতাৰ হাড় (১৯৭৩), গড়মা কুৱঁৰী (১৯৮০), মানুহ আটাইবোৰ দ্বীপ (১৯৮০), পটাচাৰা, অপদাৰ্থ, অহিংসাৰ জুই(অসমাপ্ত)।

তেওঁৰ অন্যান্য গ্ৰন্থ অসমীয়া ছন্দশিল্পৰ ভূমিকা (১৯৬২), শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪), আখৰৰ জখলা (১৯৫৬), মনৰ খবৰ (১৯৬০), ভত ঊকাৰে ভূ (১৯৬৮), জনা নজনাৰ খেল (১৯৭০)।

নৱকান্ত বৰুৱা দেৱে লাভ কৰা সন্মানসমূহঃ পদ্মভূষণ (১৯৭৬), অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩), সম্বলপুৰ বিশ্ববিদ্যালয়ৰৰ গংগাধৰ বঁটা, সাহিত্য অকাডেমি বঁটা (১৯৭৫) ককাদেউতাৰ হাড় উপন্যাসৰ বাব, মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০), কমল কুমাৰী বঁটা (১৯৯৮), অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি (১৯৯০), অসম প্ৰকাশন পৰিষদ বঁটা (১৯৭৪) মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in