‘হাগ্ৰামা ইজ এ বিগ জ’কাৰ’, UTCৰ সন্দৰ্ভত সাংসদ নৱ শৰণীয়াৰ সংবাদমেল…

ফাইল ফটো
ফাইল ফটো
  • গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সাংসদ নৱ শৰণীয়াৰ।
  • শান্তি চুক্তিত ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত থকাৰ অভিযোগ।
  • বিটিচি চুক্তি হোৱাৰ পিছত তাত থকা বহুলোকৰ অধিকাৰ খৰ্ব হৈছিল বুলি মন্তব্য।
  • বিটিচিত ভোটাৰ তালিকা সংশোধন কৰাৰো বিৰোধিতা।
  • ২০১৯ৰ লোকসভা নিৰ্বাচনৰ সময়ৰ ভোটাৰ তালিকাকে কাৰ্যকৰী ৰখাৰ দাবী।
  • কাকোৱে হতাশ নোহোৱাৰ আহ্বান।
  • 'এইবোৰ কথা হবলৈ গৈ আছিল বুলি কংগ্ৰেছে আগৰে পৰা জানিছিল।'
  • 'বড়ো ভাষা ৰাজ্যভাষা কৰক আমাৰ কব লগা নাই।
  • কিন্তু অসমীয়া ভাষা ৰাজ্যভাষাৰ পৰা তললৈ ননমোৱাৰ পোষকতা।
  • চৰকাৰক লৈ সন্দেহ আছে।
  • হাগ্ৰামা মহিলাৰীকো সমালোচনা।
  • ক'লে, 'হাগ্ৰামা ইজ এ বিগ জ'কাৰ।'
  • 'গণতন্ত্ৰ এনেকুৱা হ'লে কেনেকৈ ভাই-ভনী সকলে গণতন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব।'
  • 'চুক্তি কৰক কিন্তু নৃশংস ঘটনাৰে জড়িতসকলক আইনমতে যাবলৈ দিব লাগে।'
  • সকলো লোকৰে সৈতে একেদৰে চকু দিয়াৰ আহ্বান চৰকাৰক।
  • ইতিহাসৰ কথা কৈও চৰকাৰক সমালোচনা শৰণীয়াৰ।
  • চৰকাৰৰ এই কাৰ্য ভৱিষ্যত অসমৰ শান্তিৰ বাবে প্ৰয়োজনীয় নহয় বুলিও মন্তব্য।
  • 'হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰণ নহয় বুলি কৈছিল, হাগ্ৰামাই সম্প্ৰসাৰণ হ'ব বুলি কৈছে।'
  • 'বড়োসকলৰ উগ্ৰপন্থী সমস্যা চিৰদিনৰ বাবে বন্ধ হ'ব বুলি কৈছে।'
  • 'সেইটো আমাৰ বাবে ভাল কথা।'
  • 'ৰাজনৈতিক বিকল্প আমি সৃষ্টি কৰিছো।'
  • সকলো লোককে বিটিচি বাসীৰ ওচৰত থকাৰ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in