শেহতীয়া খবৰ
ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...  •  “আপোনাৰ পৰা একো আশা নকৰো..” অনুচ্ছেদ ৩৭০ক লৈ ওমৰ আব্দুল্লাৰ প্ৰতুত্যৰ ৰবি শংকৰ প্রসাদক …  •  "বন্ধুক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে নেকি?" ট্ৰাম্পে ভাৰতক কৰা মন্তব্যত প্ৰশ্ন জো বিডেনৰ...  •  জীৱন জিন্দাবাদ শ্লোগানেৰে আগবঢ়া নাৰায়ণপুৰৰ এদল শিক্ষাৰ্থীৰ ব্যতিক্ৰমী পদক্ষেপ…

ঢকুৱাখনাত একেদিনাই ১০ খন উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী নৱ দলেৰ…

374

ডিজিটেল সংবাদ, ঢকুৱাখনা: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ দলেই বৃহস্পতিবাৰে পুনৰ ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত একাধিক উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে। চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁ‌জিৰে আজি ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনা গাওঁ পঞ্চায়তৰ ১১১নং নামৰূপীয়া জালভাৰী প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ আঁচনিকে ধৰি ৫১১ নং দুলীয়া বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ উন্নীতকৰণ আঁচনি, মধ্য ঢকুৱাখনা গাওঁ পঞ্চায়তৰ ২নং বান্তৌ প্ৰাথমিক বিদ্যালয়ৰ গৃহ মেৰামতি আঁচনি, গোঁহাইবাৰী মজলীয়া বিদ্যালয়ৰ গৃহ মেৰামতি আঁচনি, উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ মজিয়া নিৰ্মাণকাৰ্য, ৫০০ নং কোঁৱৰহটীয়া প্ৰাথমিক বিদ্যালয়ৰ ৰং দিয়া আৰু মজিয়া নিৰ্মাণকাৰ্য, মহেমাৰী প্ৰাথমিক বিদ্যালয়ৰ মজিয়া নিৰ্মাণকাৰ্য তথা শৌচাগাৰ,প্ৰস্ৰাৱগাৰ মেৰামতি ও বিদ্যুৎ সংযোগীকৰণ আঁচনিখনৰ শুভাৰম্ভ কৰে মন্ত্ৰী গৰাকীয়ে।

ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাৰ লগতে মহকুমা খণ্ড উন্নয়ন বিষয়া গোপাল শৰ্মা তথা ঢকুৱাখনাৰ জিলা বিজেপিৰ নেতা কৰ্মীয়ে সংগ দিয়া প্ৰতিটো শুভাৰম্ভনী অনুষ্ঠানত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে ঢকুৱাখনাবাসীৰ বিশেষকৈ অতি প্ৰয়োজনীয় তথা গুৰুত্বপূৰ্ণ পথ হিচাপে বিবেচিত ঢকুৱাখনা ধেমাজি সংযোগী মূল গৰকাপ্তানী পথটো অতি সোনকালে দুই লেন যুক্ত পথ হিচাপে নিৰ্মান কৰি মহকুমাবাসীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিবলৈ আহ্বান জনায়।

আনহাতে আজি আৰম্ভ কৰা প্ৰতিটো কামক স্থানীয় ৰাইজক চোৱাচিতা কৰিবলৈ আহ্বান জনাই এই কামসমূহত ঠিকাদাৰে দুৰ্নীতিৰ আশ্ৰয় ললে মহকুমাধিপতি আৰু খণ্ড উন্নয়ন বিষয়া গৰাকীক কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ প্ৰদান কৰে।।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি