ঢকুৱাখনা মহাবিদ্যালয়লৈ’ৰোছা’ৰ ২ কোটিৰ অনুদানঃ কাম শুভাৰম্ভ কৰিলে মন্ত্ৰী নৱ কুমাৰ দলেই…

ঢকুৱাখনা মহাবিদ্যালয়লৈ’ৰোছা’ৰ ২ কোটিৰ অনুদানঃ কাম শুভাৰম্ভ কৰিলে মন্ত্ৰী নৱ কুমাৰ দলেই…

ডিজিটেল সংবাদ,ঢকুৱাখনা: বৃহত্তৰ ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ নতুন ভৱনকে ধৰি বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ দিশত আজি সূচনা হল এটা নতুন দিনৰ। "ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান"ৰ দ্বাৰা অনুমোদিত পুঁজিৰে ১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা 'ক্লাছ ৰূম ব্লক' মঙ্গলবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেই।

ঢকুৱাখনাৰ এখন পুৰণি শিক্ষানুষ্ঠান হিচাপে সমগ্ৰ মহকুমাতোৰ শিক্ষা-সংস্কৃতিৰ উন্নয়নত প্ৰতিমুহুৰ্তত কাম কৰি অহা ঢকুৱাখনা মহাবিদ্যালয়ক সকলো ফালৰ পৰা এখন উন্নত উচ্চ শিক্ষানুষ্ঠানৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দি মন্ত্ৰী নৱ কুমাৰ দলেই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন অধ্যাপক সকলক কয় যে,- এইখন ঢকুৱাখনা মহাবিদ্যালয়ৰ জৰিয়তেই ঢকুৱাখনাৰ শিক্ষা- সংস্কৃতিয়ে এটা নতুন মাত্ৰা পাইছে।

ঢকুৱাখনাৰ শৈক্ষিক দিশ উত্তৰণত ইয়াৰ প্ৰতিগৰাকী শিক্ষকৰ যি ভূমিকা সেইয়া অতি প্ৰশংসনীয়। আজি ৰাষ্ট্রীয় উচ্চতম শিক্ষা অভিযানৰ ফালৰ পৰা মহাবিদ্যালয় খনলৈ আগবঢ়োৱা বৃহৎ অনুদানে শিক্ষানুষ্ঠান খনক এক নতুন ৰূপ দিবলৈ নিশ্চয়কৈ সক্ষম হব। এইক্ষেত্ৰত এনেধৰণৰ সকলো চৰকাৰী আঁচনিৰ লগতে স্থানীয় বিধায়ক উন্নয়ন পুঁজিৰ ফালৰ পৰাও যিকোনো সময়ত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰতিটো দিশৰ উন্নয়নত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি মন্ত্ৰী গৰাকীয়ে ঢকুৱাখনা মহাবিদ্যালয়ক ৰাজ্যৰ ভিতৰতে আগশাৰীৰ এখন উচ্চ শিক্ষানুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ সকলোৰে সহায় সহযোগিতা কামনা কৰে।

ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতৰ আদৰণিত আৰম্ভ হোৱা এই অনুষ্ঠানটোত ঢকুৱাখনাৰ মহকুমাধিপতি, প্ৰাক্তন উপাধ্যক্ষ ক্ৰমে ভোলানাথ গগৈ, পূৰ্ণানন্দ গগৈ, বাসন্তী মৰাং, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আদিৰ লগতে জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, মহকুমা আৰক্ষী বিষয়া অনলজ্যোতি দাস আদিৰ লগতে ঢকুৱাখনাৰ একাংশ বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে, আজি ইয়াৰ লগতে ভাৰত চৰকাৰৰ "RUSA ২.০ আঁচনি"ৰ অধীনত ঢকুৱাখনা মহাবিদ্যালয়েলাভ কৰা আৰু এক কোটি টকাৰ পুঁজিৰ ফালৰ পৰা ৬০ লাখ টকাৰে পুৰণি গৃহৰ মেৰামতিৰ লগতে লেবৰে'টৰীৰ বাবে ২০ লাখ, কম্পিউটাৰ কক্ষৰ বাবে ১০ লাখ আৰু ক্ৰীড়া সুবিধাৰ বাবে আৰু ১০ লাখ টকা আগবঢ়োৱাৰ কথা মন্ত্ৰী গৰাকীয়ে সকলোৰে আগত অৱগত কৰে।

ইফালে মন্ত্ৰী গৰাকীয়ে মহাবিদ্যালয় খনৰ উপাধ্যক্ষ চিত্ৰ কোঁচ, শিক্ষক গোটৰ সভাপতি প্ৰকাশ উপাধ্যায়, ছাত্ৰ সমন্বয়ক জীৱন চন্দ্ৰ গগৈ, ছাত্ৰ একতা সভাৰ বিষয় ববীয়া, ছাত্ৰী নিবাসৰ তত্বাৱধায়িকা আৰু শিক্ষক সমাজৰ লগত সভাগৃহত এখন বিশেষ আলোচনাত মিলিত হৈ ঢকুৱাখনা মহাবিদ্যালয়ৰ বিভিন্ন সমস্যাসমূহ মুকলিকৈ আলোচনা কৰাৰ লগতে এইসমূহ সমাধানৰ আশ্বাস প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in