আৰক্ষী-বনবিভাগ-ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত নামবৰত চলিছে অবৈধ কয়লা খনন! VIDEO

আৰক্ষী-বনবিভাগ-ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত নামবৰত চলিছে অবৈধ কয়লা খনন! VIDEO

ডিজিটেল সংবাদ, গোলাঘাটঃ কাৰ্বি-আংলঙৰ শিলনিজানৰ জিলাংছুৰ নামবৰ নদীৰ সমীপত জেচিবি, ফকলেণ্ডেৰে একাংশ মাফিয়াই চলাইছে অবৈধ কয়লা খনন। এই অবৈধ কয়লাখননৰ সৈতে কয়লা মাফিয়াৰ লগতে একাংশ ৰাজনৈতিক নেতা, আৰক্ষী-প্ৰশাসন আৰু বনবিভাগৰ লোকে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। অবৈধ কয়লা সৰবৰাহৰ ধনৰ অংশ এই ৰাজনৈতিক নেতাৰ লগতে আৰক্ষী আৰু বনবিভাগৰ লোকেও পায় বুলি উত্থাপন হৈছে অভিযোগ।

ইফালে, সৰ্বানন্দ চৰকাৰে ক্ষমতা দশল কৰাৰ পাছতেই অসমৰ পৰা ছিণ্ডিকেট নিৰ্মূল কৰা হ'ব বুলি কৰা ঘোষণাও অসাৰ প্ৰতিপন্ন হৈছে। লগতে অভিযোগ উত্থাপন হৈছে যে- শূন্য সহনশীল, দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লগান দিয়া মুখ্যমন্ত্ৰী সোণোৱালো ব্যৰ্থ হৈছে এই ছিণ্ডিকেটৰাজ বন্ধ কৰাত। এই অবৈধ কয়লাখননৰ ক্ষেত্ৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদেও কোনো পদক্ষেপ লোৱা নাই বুলি উত্থাপন হৈছে অভিযোগ।

উল্লেখ্য যে,  শিলনিজানৰ জিলাংছুৰ যি স্থানত এই অবৈধ কয়লা খনন অব্যাহত আছে, সেই অঞ্চল নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত। ৩৭ কিলোমিটাৰে আৱৰা নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য, য'ত শতাধিক বন্যহস্তীৰ বিচৰণ কৰে। ইফালে, জেচিবি আদিৰে কয়লাখনন অব্যাহত ৰখাৰ ফলত বন্যহস্তীয়ে দিশহাৰা হৈ জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলত আতংকৰ সৃষ্টি হৈছে। যাৰফলত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে।

আনহাতে, কাজিৰঙা, বিহৰা, দলামৰা, নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য, নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য হৈ নগালেণ্ডৰ ইণ্টাংকি বন্যপ্ৰাণী অভয়াৰণ্যলৈকে ৪৫০০ বৰ্গকিঃমিঃ আগুৰি আছে কাজিৰঙা-কাৰ্বি আংলং বস্তী প্ৰকল্পই। অভিযোগ উত্থাপন হৈছে যে- কেবাবছৰো মেৰামতি নকৰাকৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটো কয়লা মাফিয়াক সহযোগ কৰিবৰ বাবেই কদৰ্যৰূপত পেলাই ৰখা হৈছে এই প্ৰকল্প।

ছুইজাৰলেণ্ডৰ পৰা অহা পৰিৱেশকৰ্মী তথা নিৱন্ধকাৰ ব্ৰিজ্জিট আত্তাৰ কৰ্ণেতঝকিয়ে মঙলবাৰে অবৈধ কয়লাখনন স্থলী প্ৰদৰ্শন কৰি আচৰিত হয়। পৰিৱেশকৰ্মী গৰাকীয়ে নামবৰ নদীৰ কাষৰ প্ৰকৃতিৰ এই মনোমোহা পৰিৱেশত ব্যাপক হাৰত চলি থকা অবৈধ কয়লা খননৰ ফলত পৰিৱেশ বিনষ্ট হোৱা দেখি উদ্বেগ প্ৰকাশ কৰে। লগতে চৰকাৰক শীঘ্ৰে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in