চন্দ্ৰপুৰৰ পানী যোগান প্ৰকল্পত ৰহস্যজনক অগ্নিকাণ্ড…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ,চন্দ্ৰপুৰ : চন্দ্ৰপুৰত কেইবা বছৰ ধৰি নিৰ্মান কাৰ্য চলি থকা জন জল যোজনাৰ অধীনত নিৰ্মীয়মান পৰিশোধন আৰু জল ভৰাল এলেকাত এক ৰহস্য জনক অগ্নিকাণ্ড শুকুৰবাৰে সংঘটিত হয় । অগ্নিকাণ্ডত কেইবা ট্ৰাক জল পৰিবাহী পাইপ ভষ্মীভূত হয় ।

প্ৰকল্পটোৰ নিৰ্মানত বিভিন্ন অনিয়ম সংঘটিত হোৱা বুলি দীৰ্ঘদিন চৰ্চাত থকা প্ৰকল্পটোত সংঘটিত এই ৰসস্য জনক অগ্নিকাণ্ডৰ সূত্ৰপাত সমীপস্থ বনাঞ্চলৰ বন জুইৰ পৰা বিয়পা বুলি নিৰ্মানকাৰী প্ৰতিষ্ঠানটোৱে ক'ব বিচাৰিলেও এই যুক্তিত ৰাইজ পতিয়ন যাব খোজা নাই । ইফালে প্ৰতিষ্ঠানটোৱে কি কি সামগ্ৰী অগ্নিকাণ্ডত জাহ গৈছে সেই তথ্যও কোম্পানীটোৱে প্ৰকাশ কৰা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in