মিজোৰামত ৮৭ টা গাহৰিৰ ৰহস্যজনক মৃত্যু…

মিজোৰামত ৮৭ টা গাহৰিৰ ৰহস্যজনক মৃত্যু…

ডিজিটেল সংবাদ, ৱাখা : মিজোৰামত ৮৭ টাকৈ গাহৰিৰ ৰহস্যজনক মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যৰ পশুপালন আৰু চিকিৎসা বিভাগে আফ্ৰিকান ছোৱাই ফিভাৰৰ সতৰ্কতা জাৰি কৰা হৈছে । মিজোৰামৰ পশু পালন আৰু চিকিৎসা বিভাগে সদৰী কৰামতে দক্ষিণ মিজোৰামৰ বাংলাদেশ সীমান্তৰ লুঙলেই জিলাৰ লুঙচেইন গাঁৱত প্ৰায় ৮৭ টা গাহৰি সন্দেহজনক আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত্যু হয় ।

প্ৰায় ৪০ লাখ টকাৰ মূল্যৰ গাহৰিৰ মৃত্যুৰ পাছত এতিয়া সমগ্ৰ মিজোৰামত স্বাস্থ্য বিভাগে ১৪৪ ধাৰা বলৱৎ কৰি সতৰ্কতা জাৰি কৰিছে । উল্লেখযোগ্য যে যোৱা ২৩ মাৰ্চত গাঁৱখনত গাহৰিৰ ৰহস্যজনক মৃত্যুৰ হোৱাৰ পাছত পশু পালন আৰু চিকিৎসা বিভাগে পৰীক্ষাৰ বাবে এটা বিশেষজ্ঞ প্ৰেৰণ কৰা হৈছে । মিজোৰামত এতিয়ালৈকে কোটি টকাৰ মূল্যৰ গাহৰিৰ মৃত্যু হৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in