নবেল বিজয়ী আং চান চ্যু কি পুনৰ ৪ বছৰৰ বাবে জেললৈ…

নবেল বিজয়ী আং চান চ্যু কি পুনৰ ৪ বছৰৰ বাবে জেললৈ…

ডিজিটেল ডেস্কঃ পুনৰ কাৰাগাৰৰ বন্ধ কোঠালৈ ম্যানমাৰৰ নবেল বিজয়ী গণতন্ত্ৰ পন্থী নেত্ৰী আন চান চ্যু কি।ম্যানমাৰত পুনৰ সামৰিক উত্থান ঘটাৰ পিছতে গণতান্ত্ৰীক ভাৱে দেশৰ জনতাই শাসনলৈ অনা আং চান চ্যু কিৰ চৰকাৰ ভংগ কৰি নেত্ৰীগৰাকীৰ লগতে বহু নেতাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছত তেওঁলোকক জেললৈ প্ৰেৰণ কৰিছিল।

দেশখনত সৃষ্টি হোৱা এনে অবাঞ্চিত পৰিস্থিতিৰ বাবে সমগ্ৰ দেশখনত প্ৰতিবাদৰ জোৱাৰ উঠিছিল। সেনাৰ হাতত প্ৰাণ গৈছিল দেশখনৰ হাজাৰ জনতাৰ। দেশখনৰ জনপ্ৰিয় অভিনেতা, গায়ককে ধৰি বহু বিশিষ্ট ব্যক্তিও সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি জেললৈ যাবলগীয়া হৈছিল।

ইয়াৰ মাজতেই আং চান চ্যু কি আৰু তেওঁৰ দলৰ একাংশ নেতাৰ বিৰুদ্ধে সামৰিক আদালতত বিচাৰ চলিছিল।সেনাৰ দৃষ্টিত আং চান চ্যু কিৰ অপৰাধ আছিল কোৰনাৰ নিয়ম ভংগ কৰা।এই অপৰাধৰ বাবেই এতিয়া আং চান চ্যু কিক ৪ বছৰৰ বাবে কাৰাদণ্ড বিহা হৈছে।

চলিত বছৰৰ ১ ফেব্ৰুৱাৰীত সেনাৰ অভ্যুত্থান ঘটা ম্যানমাৰত প্ৰথমে আং চান চ্যু কিক গৃহ বন্দী কৰা হৈছিল আৰু ইয়াৰ পিছত কোনো অজ্ঞাত স্থানত বন্দী কৰি থোৱা হৈছিল। ইয়াৰ পিছতে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈছিল সামৰিক নেতা জেনেৰেল মিন অং হালিঙে।

বৰ্তমান ম্যানমাৰৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি থকা সামৰিক নেতা জেনেৰেল মিন অং হালিঙে কৈছে যে, ২০২৩ চনত দেশখনৰ জৰুৰীকালীন অৱস্থা বাতিল কৰা হ'ব আৰু সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব।

২০২০ চনত অনুষ্ঠিত হোৱা দেশখনৰ সাধাৰণ নিৰ্বাচনত আং চান চ্যু কিৰ দলে দুয়োখন সদনতে মুঠ ৩৯৬ খন আসন দখল কৰি ক্ষমতালৈ আহিছিল। তেওঁক দলে নিম্ন সদনৰ ৩৩০ খন আসনৰ ভিতৰত ২৫৮ খন আসন আৰু উচ্চ সদনৰ ১৬৮খন আসনৰ ১৩৮ খন আসন দখল কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in