ম্যানমাৰ কাছিন প্ৰদেশৰ জেড শিলৰ খনিত ভয়ংকৰ ভূমিস্খলনত ১২৬ শ্ৰমিকৰ মৃত্যুঃ সন্ধানহীন ১০০ শ্ৰমিক, ৩০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

ম্যানমাৰ কাছিন প্ৰদেশৰ জেড শিলৰ খনিত ভয়ংকৰ ভূমিস্খলনত ১২৬ শ্ৰমিকৰ মৃত্যুঃ সন্ধানহীন ১০০ শ্ৰমিক, ৩০ গৰাকীক চিকিৎসালয়ত ভৰ্তি

ডিজিটেল সংবাদ, ৱাখাঃ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত বিগত কিছুদিন পৰা নেৰানেপাৰ কৈ থকা প্ৰবল বৃষ্টিপাতৰ ফলত বৃহস্পতিবাৰে কাছিন প্ৰদেশৰ হাপকানৰ অঞ্চলৰ এটা জেড শিলৰ খনিত ভূমিস্খলনত প্ৰায় ১২৬ শ্ৰমিকৰ শোকাবহভাৱে মৃত্যু হোৱাৰ লগতে অন্য ১০০ গৰাকী শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে। প্ৰাপ্ত খবৰ অনুসৰি কাছিন প্ৰদেশত থকা বৃহৎ জেড সমৃদ্ধ খনিত বৰষুণৰ বতৰত অসুৰক্ষিত ভাৱে শ্ৰমিকসকলে শিল আহৰণ কৰি আছিল কিন্তু বিগত কিছুদিন দিনৰ হৈ থকা প্ৰবল বৰষুণৰ বাবে বৃহস্পতিবাৰে হঠাতে ভয়াবহ বৃহৎ ভূমিস্খলন ঘটে।

এই ভয়ংকৰ ভূমিস্খলনৰ বোকাই শ্ৰমিকসকলক জীৱন্তে পুতি পেলায়। শিলৰ খনিটোত সংঘটিত এই খবৰ লাভ কৰা পিছতে ম্যানমাৰ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱানে উদ্ধাৰ অভিযানত নামি প্ৰায় ১২৬ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আনহাতে আহত হোৱা ৩০ গৰাকী শ্ৰমিকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

কাছিন প্ৰাদেশিক চৰকাৰৰ এগৰাকী মন্ত্ৰী টাৰ লিন মাউঙে প্ৰকাশ কৰাৰ মতে জেড শিলৰ খনিটোত কাম কৰা অন্য ১০০ শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে। জানিব পৰা মতে এই খনিটোৰ পৰা জেড সমৃদ্ধ বৃহৎ পৰিমাণৰ শিল আহৰণ কৰি চীনলৈ কৰা হয়। উল্লেখযোগ্য যে, ২০১৫ চনতো এই শিলৰ খনিত ভূমিস্খলন হৈ প্ৰায় এশ গৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in