ম্যানমাৰত প্ৰতিবাদীকাৰীলৈ সেনাৰ গুলীবৰ্ষণত ১৮ জন নিহত, ৩০ জন আহত…

ম্যানমাৰত প্ৰতিবাদীকাৰীলৈ সেনাৰ গুলীবৰ্ষণত ১৮ জন নিহত, ৩০ জন আহত…

ডিজিটেল সংবাদ, ৱাখাঃ চুবুৰীয়া ৰাষ্ট্ৰত ম্যানমাৰত দেওবাৰে বিয়লি ষ্টেট কাউন্সিলৰ আঙ চান চ্যু কীৰ মুক্তিৰ আৰু গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দাবীত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী ওপৰত ম্যানমাৰ আৰক্ষী আৰু সেনাই চলোৱা গুলীবৰ্ষণ অতি কমেও ১৮ জনলোক নিহত হোৱাৰ লগতে অন্য ৩০ লোক গুৰুত্বভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ আয়োগৰ উচ্চায়ুক্তৰ কাৰ্যালয় প্ৰকাশ কৰা মতে দেওবাৰে দেশখনৰ জনতাই ৰাজপথত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে সেনাই বল প্ৰয়োগ কৰে আৰু কন্দুৱা গেছ নিক্ষেপ কৰে । তেনেতে প্ৰতিবাদী ৰাইজৰ ভিৰ আৰু সেনাৰ গুলীবৰ্ষণ ১৮ জন লোক নিহত হয় আৰু ৩০ জন লোক গুৰুত্বভাৱে আহত হয় ।

আৰক্ষীয়ে প্ৰতিবাদকাৰী ওপৰত লাঠিচালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। দেওবাৰে সেনাৰ গুলীবৰ্ষণত মৃত্যু হোৱা নাগৰিকসকল য়াংগুন , মাণ্ডালয় , মাকেক ,বাগী অঞ্চলৰ লোক আছিল। ইফালে সামৰিক বাহিনীৰ চৰকাৰে এনেদৰে নীৰিহ শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰৰ ওপৰত নিবিৰ্চাৰে গুলীবৰ্ষণ আৰু হিংসাত্মক কাৰ্য বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in