টাগাৰ মুখ্য কাৰ্যালয়ত সকলো কেডাৰক একত্ৰিত হোৱা নিৰ্দেশ এনএছচিএনকেৰ শীৰ্ষ নেতৃত্বৰ…

টাগাৰ মুখ্য কাৰ্যালয়ত সকলো কেডাৰক একত্ৰিত হোৱা নিৰ্দেশ এনএছচিএনকেৰ শীৰ্ষ নেতৃত্বৰ…

ডিজিটেল সংবাদ, ৱাখাঃ ক্ৰমাৎ জটিলতাৰ দিশে অগ্ৰসৰ হৈ ম্যানমাৰ নগা বিদ্ৰোহী সমস্যাই । ম্যানমাৰ সেনাই নগা স্বশাসিত অঞ্চল ছাগাইঙিত এন এছ চি এন কেৰ বিৰুদ্ধে ধাৰাবাহিক সামৰিক অভিযান চলাই থকাৰ পিছতহে অস্তিত্ব ৰক্ষাৰ বাবে সম্প্ৰতি নিজৰ সামৰিক কৌশল সলনি কৰিছে নগা বিদ্ৰোহী সংগঠনটোৱে ।

জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ম্যানমাৰ সেনা বাহিনী টাদমাদাওৱে ভাৰতীয় সামৰিক বাহিনীৰ চোৰাংচোৱা তথ্যৰ আধাৰত সামৰিক অভিযান চলাই এন এছ চি এন কেৰ ছাগাইঙিৰ টাগাৰ মুখ্য কাৰ্যালয় দখল কৰাৰ পিছত একপ্ৰকাৰ ছেদেলি-ভেদেলি হৈ পৰা নগা আৰ্মিক পুনৰ একত্ৰিত হবলৈ নিৰ্দেশ দিছে শীৰ্ষ নেতৃত্বতই ।

প্ৰাপ্ত খবৰ অনুসৰি এন এছ চি এন কেই ছাগাইঙিৰ টাগাৰ পৰিষদৰ মুখ্য কাৰ্যালয় পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছে কেডাৰসকলক। উল্লেখযোগ্য যে ২০১২ চনত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন কে আৰু ম্যানমাৰ চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা নেচন ৱাইড যুদ্ধ বিৰতি স্ম্যাদ পুনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ কৰিছিল। ফলত ম্যানমাৰ সেনাই এন এছ চি এনৰ ওপৰত যুদ্ধ বিৰতিৰ বাবে হেঁচা বৃদ্ধিৰ উদ্দেশ্য ভাৰতীয় স্বাধীনতাকামী বিদ্ৰোহীসকলক আশ্ৰয় আৰু সৈনিক প্ৰশিক্ষণ দিয়াৰ আজুহাতত যোৱা ফেব্ৰুৱাৰী মাহত সামৰিক অভিযান চলাই সংগঠনটোৰ টাগাৰ মুখ্য কাৰ্যালয় দখল কৰাৰ লগত বহু বিদ্ৰোহী নেতাক গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল। ফলত এন এছ চি এন কে একপ্ৰকাৰ ছেদেলি ভেদেলি হৈ পৰে ।

ম্যানমাৰ আৰু ভাৰতীয় সামৰিক বাহিনীৰ যৌথ অভিযানত বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা এন এছ চি এন কেই তেওঁলোকৰ টাগাৰ মুখ্য কাৰ্যালয়টো পুনৰ মুকলি কৰিবলৈ শীৰ্ষ নেতৃত্বতই কেডাৰক নিৰ্দেশ দিছে। এইবাৰ যদি ম্যানমাৰ সেনাই বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে সামৰিক অভিযান চলাই তেনেহলে প্ৰত্যাক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে । উল্লেখযোগ্য যে ম্যানমাৰ সেনাই টাগা মুখ্য কাৰ্যালয় দখল কৰাৰ সময়ত এন এছ চি এন কেই প্ৰথমে প্ৰত্যাক্ৰমণ কৰা নাছিল । সম্প্ৰতি এন এছ চি এন কেই নিজৰ অস্তিত্ব সংকটত পৰাত পূৰ্বৰ সামৰিক ৰণকৌশল সলনি কৰি অধিক শক্তিশালী ৰূপত ম্যানমাৰ সেনাক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ।

ইফালে ম্যানমাৰ সেনাই এই বুলি কৈছে তেওঁলোকে ম্যানমাৰৰ ভূমিৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহীক খেদি নপঠোৱালৈকে সামৰিক অভিযান অব্যাহত ৰাখিব । স্মৰ্তব্য যে এন এছ চি এন কেৰ যুদ্ধ বিৰতি চুক্তি ম্যাদ বৃদ্ধি কৰিবলৈ অস্বীকাৰ আৰু ভাৰতীয় সেনাৰ হেঁচাত ম্যানমাৰ সেনাই বিদ্ৰোহী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহনে সম্প্ৰতি ছাগাইঙিৰ নৃগোষ্ঠীয় সমস্যা সমাধান অধিক জটিল কৰি তুলিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in