শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

ম্যানমাৰ সীমান্তত এনএছচিএনকে আৰু ম্যানমাৰ সেনাৰ মাজত প্ৰচণ্ড গুলীয়াগুলি…

134

ডিজিটেল সংবাদ, ৱাখাঃ ম্যানমাৰ চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাং গোটৰ সৈতে নেচন ৱাইড শান্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে শুকুৰবাৰে দুপৰীয়া ১ বজাত ম্যানমাৰ সেনা টাদমাদাও আৰু এন এছ চি এন বিদ্ৰোহীৰ প্ৰচণ্ড সংঘৰ্ষ সংঘটিত হয়।

এন এছ চি এনৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা মতে, শুকুৰবাৰে দুপৰীয়া ভাৰত-ম্যানমাৰ সীমান্তৰ কন্যাক নগা অঞ্চলত থকা এন এছ চি এন কেৰ কেইটামান বিদ্ৰোহীৰ শিবিৰত ম্যানমাৰ সেনাই অৰ্তকিতে আক্ৰমণ চলায়।

ইফালে, বিদ্ৰোহীয়েও গুলীবৰ্ষণ কৰাত দুয়োপক্ষৰ মাজত বহু সময় ধৰি সংঘৰ্ষ চলে। জানিব পৰা মতে, ম্যানমাৰ সেনাই বিদ্ৰোহীক খেদি দুটা শিবিৰ দখল কৰিছে। অৱশ্যে এতিয়ালৈকে এই সংৰ্ঘষত বিদ্ৰোহীৰ প্ৰকৃত হতাহত হোৱাৰ তথ্য কোনো পক্ষই প্ৰকাশ কৰা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি