মুজাফৰপুৰত মৃত্যু হোৱা শিশুৰ সংখ্যা ৮০লৈ বৃদ্ধি…

মুজাফৰপুৰত মৃত্যু হোৱা শিশুৰ সংখ্যা ৮০লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ৮০লৈ বৃদ্ধি। শ্ৰী কৃষ্ণ মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক সুনীল কুমাৰ শ্বাহিয়ে জনায় এই কথা।

ইফালে, এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত এটি শিশুৰ পিতৃয়ে অভিযোগ উত্থাপন কৰি কয় যে- ৰোগীৰ বাবে কোনো বিশেষ ব্যৱস্থা হাস্পতালৰ তৰফৰ পৰা লোৱা হোৱা নাই। চিকিৎসকসকলে কোনো মনোযোগ দিয়া নাই ৰোগীসকলৰ ওপৰত। নিশা ১২ বজাৰ পৰা এজনো চিকিৎসক নাই হাস্পতালত। কেৱল কেইগৰাকীমান নাৰ্ছে কাম সম্পাদন কৰি আছে।

আনহাতে, বিহাৰৰ মন্ত্ৰী সুৰেশ শৰ্মাই সংবাদমাধ্যমৰ আগত কয়- চৰকাৰেপাৰ্যমানে সকলো কৰি আছে। ঔষধৰ অভাৱ নাই। কিন্তু যি পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰতুলনাত হাস্পতালত বিচনা আৰু আই চি ইউৰ অভাৱ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in