‘মৌন’ ঈদ পালন হ’ল জম্মু-কাশ্মীৰত, শ্ৰীনগৰৰ বৰ মছজিদসমূহত নামাজ আদায়ত নিষেধাজ্ঞা

‘মৌন’ ঈদ পালন হ’ল জম্মু-কাশ্মীৰত, শ্ৰীনগৰৰ বৰ মছজিদসমূহত নামাজ আদায়ত নিষেধাজ্ঞা

ডিজিটেল ডেস্কঃ সোমবাৰে সমগ্ৰ বিশ্বজুৰি মুছলমান ধৰ্মাৱলম্বীসকলে পালন কৰিছে ঈদ উল আজহা। ঈদৰ এই ক্ষণত ইজনে সিজনক সাৱটি শুভকামনা জনাই ভাতৃত্ব আৰু সম্প্ৰীতিৰ বাৰ্তা বিলোৱাৰ সময়তে সোমবাৰৰ দিনটোত জম্মু-কাশ্মীৰত পালন হ'ল 'মৌন' ঈদ। কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সোমবাৰে ঈদৰ নামাজ আদায় কৰে মুছলমান ধৰ্মাৱলম্বী লোকসকলে।

ইফালে খবৰ অনুসৰি, ঈদৰ দিনটোত শ্ৰীনগৰৰ কেইবাটাও বৰ মছজিদত নামাজ আদায়ৰ অনুমতি প্ৰদান কৰা নহয়। নিৰাপত্তাজনিত কাৰণত প্ৰশাসনে বৰ মছজিদসমূহত নামাজ আদায়ত নিষেধাজ্ঞা জাৰি কৰে। তাৰ বিপৰীতে সৰু সৰু মছজিদসমূহত কটকটীয়া নিৰাপত্তাৰ মাজত মুছলমান ধৰ্মাৱলম্বী লোকসকলে নামাজ আদায় কৰা পৰিলক্ষিত হয়। যাৰ ফলত ঈদৰ আনন্দ কিছু পৰিমাণে হ'লেও ম্লান পৰে জম্মু-কাশ্মীৰত।

উল্লেখ্য যে, দেওবাৰে ভাৰতীয় চোৰাংচোৱাই ইছলামিক ষ্টেট আৰু আইএছআই সমৰ্থিত সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ লগতে দেশৰ অন্যান্য প্ৰান্তত ঈদৰ সময়ত কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰি চৰকাৰক এই বিষয়ে অৱগত কৰিছিল। তাৰ পিছতে জম্মু-কাশ্মীৰত সোমবাৰে অধিক পৰিমাণৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰে চৰকাৰে।

অন্যহাতে ঈদৰ বজাৰ কৰাৰ সময়তো জম্মু-কাশ্মীৰৰ বিভন্ন প্ৰান্তত মুছলমান ধৰ্মাৱলম্বীসকলক সতৰ্ক হৈ থাকিবলৈ প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হয়। ৰাজপথত লাউডস্পীকাৰযোগে প্ৰশাসনৰ তৰফৰ পৰা ঈদৰ বজাৰ কৰিবলৈ অহা লোকসকলক সোনকালে বজাৰ সম্পন্ন কৰি ঘৰলৈ উভতিবলৈ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in