১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব মুছলমান যুৱতী…

১৮ নহয় ১৬ বছৰতে বিয়াত বহিব পাৰিব মুছলমান যুৱতী…

ডিজিটেল ডেস্কঃ ১৮ নহয়, ১৬ বছৰতে বিয়া হ'ব পাৰিব যুৱতী। অৱশ্যে সকলো ধৰ্মীয় ছোৱালীৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ'ব। কেৱল মুছলমান ছোৱালীয়েহে ১৬ বছৰ বয়সতে নিজ ইচ্ছানুসৰি দৰা বিচাৰিব পাৰিব। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ এক ৰায়দানত এই কথা প্ৰকাশ পাইছে।

এক গোচৰৰ ৰায়দান কৰি দুয়োখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ে ১৬ বছৰ হোৱাৰ পিছতে মুছলমান সম্প্ৰদায়ৰ ছোৱালীয়ে নিজৰ পচন্দ অনুসৰি দৰা বিচাৰি ইছলামিক নিয়মেৰে বিবাহ কাৰ্য সম্পাদন কৰিব পাৰিব বুলি কোৱা হৈছে। এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰা হৈছে।

উল্লেখ্যে যে আৱেদনকাৰী ১৬ বছৰীয়া কিশোৰী গৰাকীয়ে ২১ বছৰীয়া এজন যুৱকৰ লগত প্ৰেম কৰি বিবাহপাশত আবদ্ধ হয়। যোৱা ৮ জুনত দুয়োৰ ধৰ্মীয় নীতি নিয়ম অনুসৰি বিবাহ কাৰ্য সম্পন্ন হৈ যায় যদিও পৰিয়ালৰ সদস্যসকলে আপত্তি কৰে। পৰিয়ালৰ লোকসকলে কিশোৰী গৰাকীৰ বয়স ১৮ বছৰ নোহোৱাৰ বাবে এই বিয়াত সমৰ্থন নজনোৱাত নৱ বিবাহিত দম্পত্তি হালে ন্যায়ালয়ৰ কাষ চাপে।

তেওঁলোকৰ আৱেদনৰ ভিত্তিতে শুনানি গ্ৰহণ কৰি পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জশজিৎ সিং বেদীয়ে কয় যে- আবেদনকাৰীৰ পত্নীৰ বয়স ১৬ বছৰ। মুছলিম আইন অনুসৰি, তেওঁ বিবাহযোগ্য। আবেদনকাৰীৰ স্বামীৰ বয়স ২১ বছৰ। তেঁৱো মুছলমান আইনৰ অধীনত বিবাহৰ বাবে যোগ্য। গতিকে এই বিবাহ বৈধ।

ইয়াৰ উপৰিও ন্যায়াধীশ বেদীয়ে এই কথাও কয় যে, পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে বিবাহ পাশত আৱদ্ধ হোৱাৰ বাবে দম্পত্তিহালক কেতিয়াও তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। এই ৰায় প্ৰদান কৰাৰ ক্ষেত্ৰত শ্বৰিয়ত আইনকো গুৰুত্ব দিয়া হৈছে।

উল্লেখ্য যে ছাৰ দিনশ্বাহ ফাৰদুঞ্জি মোল্লাৰ 'প্ৰিন্সিপলছ অৱ মহম্মদান ল' নামৰ গ্ৰন্থৰ ধাৰা ১৯৫ অনুসৰি ১৬ বছৰতকৈ অধিক বয়সৰ ছোৱালীয়ে তেওঁৰ পচন্দৰ ব্যক্তিক বিয়া কৰাব পাৰে। এইক্ষেত্ৰত  দৰাৰ  বয়স ২১  বছৰ হোৱা বাবে এই বিবাহত কোনো বাধা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in