নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সৰ্বভাৰতীয় মুছলিম ছাত্ৰ ফেডাৰেচনৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা সৰ্বভাৰতীয় মুছলিম ছাত্ৰ ফেডাৰেচনৰ

ডিজিটেল সংবাদ, চেঙাঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত অসমৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে শনিবাৰে সৰ্বভাৰতীয় মুছলিম ছাত্ৰ ফেডাৰেচনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে। সৰ্বভাৰতীয় মুছলিম ছাত্ৰ ফেডাৰেচন (এম এচ এফ)ৰ সভাপতি টি পি আশ্ৰফ আলীয়ে শনিবাৰে বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ আহি সাংবাদিকৰে হোৱা বাৰ্তালাপত বিলখনৰ তীব্ৰ বিৰোধিতা কৰে আৰু বিজেপি চৰকাৰক সমালোচনা কৰে।

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁৱত উপস্থিত হৈ সভাপতিগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে বিজেপি চৰকাৰে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে পৰিকল্পনা কৰিছে বুলি কোৱাৰ লগতে এই বিধেয়কখনে অসমৰ মানুহক আকৌ বিভাজন কৰিব বুলি কয়।

বিধেয়কখন অসংবিধানিক আৰু সাম্প্ৰদায়িক বুলি কোৱাৰ উপৰিও এয়া অসম চুক্তিৰ পৰিপন্থী বুলি উল্লেখ কৰে মুছলিম ছাত্ৰ ফেডাৰেচনৰ সভাপতিগৰাকীয়ে। ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কালত নেতাগৰাকীক অঞ্চলটোৰ কেইবাগৰাকী স্থানীয় যুৱকে সংগ দিয়াৰ লগতে বিভিন্ন ঠাইত সম্বৰ্ধনা জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in