গ্ৰাহকৰ পৰা অতিৰিক্ত দাম আদায় নকৰিবঃ মোৰাঝাৰত যোগান বিভাগৰ অভিযান…

গ্ৰাহকৰ পৰা অতিৰিক্ত দাম আদায় নকৰিবঃ মোৰাঝাৰত যোগান বিভাগৰ অভিযান…

ডিজিটেল সংবাদ, মোৰাঝাৰঃ লকডাউনৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে অতিৰিক্ত দাম আদায় লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । লকডাউনৰ মাজত খাদ্য সামগ্ৰীৰ বাবদ যাতে অতিৰিক্ত মূল্য ল'ব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ লৈছে হোজাই জিলা প্ৰশাসনে ।

সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভত আজি মোৰাঝাৰ বজাৰত বহু দোকানত তদন্ত চলায় দন্ডাধীশ তথা ডবকাৰ ৰাজহ চক্ৰ বিষয়া এ কে ইলিয়াছ আহমেদ । যোগান বিভাগ আৰু আৰক্ষী বাহিনী লৈ তদন্ত অভিযান চলায় দন্ডাধীশ গৰাকীয়ে । পাইকাৰী মূল্যৰ দোকান আৰু খুচুৰা মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযান চলায় ।

মূল্য বৃদ্ধি সন্দৰ্ভত তদন্ত চলাই প্ৰতি জন ব্যৱসায়ীক অতিৰিক্ত মূল্য আদায়ৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়া পৰিলক্ষিত হয় ।লগতে লুতফুৰ ৰহমান নামৰ দোকানী জনক মাৰাথন জেৰা চলায় আৰু তেওঁৰ দোকানত কৰ্মৰত শিশু শ্ৰমিকক ব্যৱস্থা লোৱা হয়।

উল্লেখিত যে লুতৰফুৰ ৰহমানৰ বিৰুদ্ধে কিছুদিন পূৰ্বে গ্ৰাহকৰ পৰা অতিৰিক্ত মূল্য আদায় কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাত আজি যোগান বিভাগে তদন্ত চলায় মোৰাঝাৰ বজাৰৰ মাজমজিয়াত থকা লুতফুৰ ৰহমানৰ গেলামাল দোকানত। এই তদন্তত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in