বিশ্বনাথৰ পাভৈত চাঞ্চল্যকৰ হত্যাকাণ্ড, প্ৰাপ্য ধন বিচাৰি যোৱা চুবেনক হত্যা খুৰা আৰু দুই ভতিজাকৰ

বিশ্বনাথৰ পাভৈত চাঞ্চল্যকৰ হত্যাকাণ্ড, প্ৰাপ্য ধন বিচাৰি যোৱা চুবেনক হত্যা খুৰা আৰু দুই ভতিজাকৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ পোন্ধৰশ টকা বিছাৰি আহিছিল এজন ব্যক্তি। নিজৰ প্ৰাপ্য আদায় ল'বলৈ আহিছিল ব্যক্তিজনে। কিন্তু খুৰায়েকে দুই ভতিজাৰ সৈতে মিলি হত্যা কৰিলে ব্যক্তিজনক। হত্যা কৰাৰ পাছত বিমোৰত পৰিল তিনি হত্যাকাৰী। মৃতদেহ থ'ব কত। শেষত হত্যাকাৰীয়ে উপায় এটা বিচাৰি পালে৷ তিনিওজনে মিলি মৃতদেহটো শৌচাগাৰৰ গাঁতত ভৰাই থলে।

ইফালে তিনিদিন ধাৰি নিৰুদ্দেশ হৈ থকা সেই ব্যক্তিজনৰ পত্নী স্থানীয় ৰাইজৰ সৈতে উপস্থিত হ'লগৈ হত্যাকাণ্ড সংঘটিত হোৱা ঘৰখনত। ঘৰৰ চাঙত দেখিলে সেই ব্যক্তি জনৰ টুপীটো। লগে লগে লাগিল হুলস্থুল আৰু অৱশেষত শৌচাগাৰৰ গাঁতত ওলাল ব্যক্তি জনৰ মৃতদেহ। আৰম্ভ হ'ল হত্যাকাৰী তিনিজনৰ ওপৰত ৰাজহুৱা পিটন। মূমুৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে হত্যাকাৰী কেইজনক।

এয়া কোনো সাবধান ইণ্ডিয়া বা চি আই ডিৰ কাহিনি নহয়৷ এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ পাভৈ চাহ বাগিচাৰ দফলাকটা লাইনত। যোৱা বুধবাৰে চুবেন খোদাল নামৰ ব্যক্তিজনে নিজৰ প্ৰাপ্য আদায় ল'বলৈ একেটা লাইনৰে ৰটন খোদালৰ ঘৰলৈ আহিছিল আৰু সেইদিনাৰ পৰাই সন্ধানহীন হৈ পৰিছিল চুবেন। চুবেনৰ পত্নীয়ে স্থানীয় ৰাইজৰ সহযোগত স্বামী চুবেনৰ সন্ধান উলিয়াবলৈ বহু চেষ্টা কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল।

শনিবাৰে পুৱা চুবেনৰ পত্নীয়ে ৰতন খোদালৰ বাসগৃহত প্ৰত্যক্ষ কৰে স্বামীয়ে পিন্ধি অহা টুপীটো। সন্দেহ ওপজাত স্থানীয় ৰাইজৰ সহযোগত তেওঁ ৰতন খোদালৰ ঘৰৰ চাৰিওফালে তালাচী চলোৱাত অৱশেষত শৌচাগাৰৰ গাতৰ ভিতৰৰ পৰা স্বামী চুবেনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে এই হত্যাকাণ্ডৰ লগত জড়িত ৰতন খোদালৰ লগতে তেঁওৰ দুই ভতিজাক দুৰ্জন আৰু দেষ্টন খোদালক স্থানীয় ৰাইজে এজোপা তামোল গছত বান্ধি উত্তম-মধ্যম শোধায়। পিছত ঘটনাস্থলীত বিশ্বনাথ আৰক্ষী উপস্থিত হৈ মূমুৰ্ষ অৱস্থাত হত্যাকাৰী কেইজনক উদ্ধাৰ কৰে।লগতে দণ্ডাধীশৰ উপস্থিতিত চুবেনৰ মৃতদেহৰ লগতে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা দাখনো শৌচাগাৰৰ গাতৰ পৰা উদ্ধাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in