“কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক”, কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক’লে এনেকৈ, VIDEO

“কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক”, কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক’লে এনেকৈ, VIDEO

ডিজিটেল সংবাদ, মোৰাঝাৰঃ কোৰোনা মহামাৰীয়ে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাত কোৱাৰেন্টাইন চেন্টাৰত বুধবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জয়নগৰ মাদ্ৰাছাৰ কোৱাৰেন্টাইন চেন্টাৰত থকা লোকসকলে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাত স্থাপন কৰা হৈছে কোৱাৰেন্টাইন চেন্টাৰ।

যোৱা ২৫ মে'ত মুম্বাইৰ পৰা অহা হোজাই জিলাৰ বিভিন্ন অঞ্চলৰ প্ৰায় ২১১ গৰাকী লোকক কোৱাৰেন্টাইন কৰা হয় জয়নগৰ মাদ্ৰাছাত। অসম চৰকাৰে ঘোষণা কৰা মতে কোৱাৰেন্টাইন চেন্টাৰত থকা প্ৰতি গৰাকী ব্যক্তিৰ খাদ্যৰ নামত দৈনিক ৫০০ টকাকৈ খৰছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, বুধবাৰে নিশা হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাত কোৱাৰেন্টাইন চেন্টাৰত থকা লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে কোৱাৰেন্টাইন চেন্টাৰত থকা ২১১ গৰাকী লোকৰ ভিতৰত ৪০জনীয়া এটা দলে খাদ্যৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হয়।

কোৱাৰেন্টাইন চেন্টাৰত থকা লোকসকলৰ মাজত কেবাজনে ফেচবুকৰ জৰিয়তে এই হাহাকাৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰিছে। কোৱাৰেন্টাইন চেন্টাৰত থকা হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত হাতিখালি গাঁৱৰ মস্তাক হোছেইন নামৰ যুৱক জনৰ লগত ফোনযোগে যোগাযোগ কৰাত তেওঁ কয় যে- "হয় আমি ৪০ জনীয়া এটা দল যোৱা নিশা একো নোখোৱাকে আছিলোঁ। আমি বৰ কষ্টৰ মাজত আছো, আমি কোৰোনা আক্ৰান্ত হৈ নমৰো আমি খাদ্যৰ অভাৱত মৰিম।" এনেকৈ ক্ষোভ প্ৰকাশ কৰে যুৱক জনে।

হোজাই জিলাৰ জয়নগৰ মাদ্ৰাছাত থকা কোৱাৰেন্টাইন চেন্টাৰত সময়মতে খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে অনুৰোধ জনাইছে, মোৰাঝাৰ আঞ্চলিক আমছুৰ সভাপতি এজাজুল হক, হোজাই জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক শ্বাকিলুজ জামানকে ধৰি হোজাই জিলাৰ বিভিন্ন দল-সংগঠনে জিলা প্ৰশাসনক দাবী জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in