ইমাম সকলক লৈ মোৰাঝাৰত আৰক্ষী প্ৰশাসনৰ সজাগতা সভা, দৰিদ্ৰ পৰিয়াললৈ আৰক্ষী অধীক্ষকে আগবঢ়ালে খাদ্যৰ টোপোলা

ইমাম সকলক লৈ মোৰাঝাৰত আৰক্ষী প্ৰশাসনৰ সজাগতা সভা, দৰিদ্ৰ পৰিয়াললৈ আৰক্ষী অধীক্ষকে আগবঢ়ালে খাদ্যৰ টোপোলা

ডিজিটেল সংবাদ, মোৰাঝাৰঃ লকডাউন সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ হোজাই জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত সোমবাৰে মোৰাঝাৰ আৰক্ষী থানা চৌহদত অনুষ্ঠিত হয় এখন সজাগতা সভা।  সভাত মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ মছজিদৰ শতাধিক ইমাম সকলে ভাগ লয়। উপস্থিত ইমাম আৰু সচেতন ৰাইজক আৰক্ষী অধীক্ষক অংকুৰ জৈনে লকডাউনত সহযোগিতা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কোৰোনা ভাইৰাছৰ ভয়াবহতা সন্দৰ্ভত উক্ত সভাত আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্তই মূল্যৱান বক্তব্য প্ৰদান কৰে।

লকডাউন অব্যাহত থকা অৱস্থাত একাংশ যুৱক আৰু বয়সিয়াল লোকে অৱমাননা কৰা বুলি তেখেতে উদ্বেগ ব্যক্ত কৰে। লকডাউন অৱমাননা কৰা উক্ত সামান্য লোকৰ খামখেয়ালিৰ বাবে আমাৰ গৰিষ্ঠ সংখ্যক লোকৰ জীৱনলৈ চৰম ভাবুকি কঢ়িয়াই অহা বুলি খেদ ব্যক্ত কৰে। লগতে কয়, লকডাউনক গুৰুত্ব দি স্বগৃহত থাকি সকলোৱে সুনাগৰিকৰ পৰিচয় দিয়াটো একান্তই প্ৰয়োজন। এইক্ষেত্ৰত ইমাম সকলে অগ্ৰণি ভূমিকা ল'ব পাৰে।

তুচ্ছ জ্ঞান কৰা লোকক কোৰোনা ভাইৰাছৰ ভয়াবহতা সন্দৰ্ভত বুজোৱাৰ দায়িত্ব ইমাম সকলেও ল'ব লাগে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়। গাঁৱে গাঁৱে, মছজিদত মাইক যোগে সৰ্বস্তৰৰ লোকক লকডাউন এশ শতাংশ সফল কৰি তুলিবলৈ আহ্বান জনোৱাৰ কামনা কৰে আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত উপায়ুক্ত গৰকীয়ে। ইপিনে লকডাউনত নিজ গৃহত হাজিৰা শ্ৰমিক উপস্থিত হ'ব নোৱাৰাত বিমোৰত পৰে যমুনা গাঁৱৰ এটা পৰিয়াল। খাদ্য সংকটত পৰি যোগাযোগ কৰে মোৰাঝাৰ আৰক্ষীৰ সৈতে। মোৰাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তৎপৰতাত আৰক্ষী অধীক্ষকে পৰিয়ালৰ মহিলাগৰাকীলৈ চাউল, দালি, শাক-পাচলি আৰু অন্যান্য সা-সামগ্ৰীৰ টোপোলা আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in