ভাইৰেল অশ্লীল ফটো! যুৱতীয়ে কৰিলে আত্মহত্যা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মোৰাঝাৰঃ লকডাউনৰ সময়তে হোজাইৰ মোৰাঝাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ছ'চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ অশ্লীল ফটো ভাইৰেল কৰাক কেন্দ্ৰ কৰি আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে। মোৰাঝাৰৰ উত্তৰ চাবাজপূৰ গাঁৱত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা।

গাওঁখনৰ ইয়াকুব আলীৰ ১৯ বছৰীয়া এগৰাকী যুৱতীৰ অশ্লীল ফটো ভিডিঅ' পদুমনি গাঁৱৰে যুৱক এজনে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ অভিযোগ যুৱতী গৰাকীৰ পৰিয়ালৰ। যুৱকজনে ছ'চিয়েল মিডিয়াত যুৱতী গৰাকীৰ ফটো ভিডিঅ' ভাইৰেল কৰি মানসিক হাৰাশাস্তি দিয়াত যুৱতী গৰাকীয়ে আত্মহত্যা কৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। এই জঘন্য ঘটনাৰ অভিযুক্তক কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে৷ ইপিনে প্ৰেমৰ সম্পৰ্কৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in