এজন বিধায়কৰ অধিকাৰ…

এজন বিধায়কৰ  অধিকাৰ…

চলিত পঞ্চাদশ বিধানসভাৰ তিনিদিনীয়া অধিৱেশনত শপত গ্ৰহণৰ মূৰ্হুতৰ বাহিৰে আন দুটা দিনত অসমৰ প্ৰতিবাদী আন্দোলনৰ বলিষ্ঠ কন্ঠস্বৰূপ শিৱসাগৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক অংশ গ্ৰহণৰ সুবিধা দিয়া নহ'ল।সোমবাৰৰ দিনা বিধানসভাৰ অধিৱেশনত নৱনিৰ্বাচিত ৰাজ্য চৰকাৰে আন কেইবাখনো বিধেয়কৰ লগতে সমবায় সমিতিৰ নিৰ্বাচন সম্পৰ্কীয় এক বিধেয়ক উত্থাপন কৰাৰো কথা। কৃষক আৰু শ্ৰমিক শ্ৰেণীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এই বিধেয়ক সন্দৰ্ভত আলোচনাৰ সুযোগ দিবলৈ কৃষক নেতা তথা বিধায়ক অখিল গগৈয়ে আবেদন জনাইছিল যদিও সেয়া গ্ৰাহ্য কৰা নহ'ল।

শপত গ্ৰহণৰ দিনটোৰ পৰা বিষয়টোৱে অতি স্বাভাৱিকভাৱে শিৱসাগৰ সমষ্টিৰ ৰাইজে সম্পূৰ্ণ সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেৰে জনপ্ৰতিনিধি ৰূপে নিৰ্বাচন কৰি পঠিওৱা বিধায়ক অখিল গগৈক পদে পদে বাধা প্ৰদান কৰা কাৰ্য সন্দৰ্ভত ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিষয়টো সংসদীয় বিধি আৰু বিধায়কৰ বিশেষাধিকাৰ সৈতেও সম্পৰ্কিত। তাতে তেওঁ অধিৱেশনৰ প্ৰথম দিনটোত দেশৰ সংবিধানৰ প্ৰতি আনুগত্য আৰু সদনৰ মৰ্যদাৰ লগতে গোপনীয়তা ৰক্ষাৰ উপৰি তেওঁৰ ওপৰত ন্যস্ত দায়িত্ব পালনত গাফিলতি নাথাকিব বুলি শপত গ্ৰহণ কৰিছিল।

সংবিধানৰ নামত খোৱা শপত মৰ্মে সদনৰ কাম-কাজত বিধায়ক অখিল গগৈ উপস্থিত থাকি আলোচনাত অংশ লোৱাটো তেওঁৰ এক সাংবিধানিক দায়িত্ব। কিন্তু বিচাৰাধীন বন্দী হিচাপে ন্যায়ালয়ে সেই সুযোগ প্ৰদান নকৰাৰ বাবে সদনেও এই অনুমতি বিধায়কগৰাকীক প্ৰদান নকৰিলে। এই পৰিস্থিতিৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত যুক্তি প্ৰদৰ্শনেৰে বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহায়েও এক বিবৃতি প্ৰদান কৰিছে। আজি মোৰ মত শিতানত ডঃ হীৰেন গোহাঁইৰ বিবৃতিটো অসম্পাদিত ৰূপ প্ৰকাশ কৰা হ'ল

অখিল‌ গগৈ শিৱসাগৰ সমষ্টিৰ পৰা এজন বিধায়ক ৰূপে নিৰ্বাচিত হৈছে। তেওঁৰ‌ নিৰ্বাচন সম্পূৰ্ণ বৈধ আৰু বিতৰ্কাতীত।কিন্তু এতিয়া তেওঁ সদনৰ বৈঠক আৰু আলোচনাত অংশ গ্ৰহণ কৰিব নে নোৱাৰিব? তাক লৈ এটা ধূসৰ পৰিস্থিতিৰ উদ্ভৱ‌ হৈছে। ভাৰতীয় সংবিধানৰ‌ এক মূল নীতিয়েই হৈছে সমতা।

যদি গগৈক সদনৰ কাৰ্যক্ৰমত‌ অংশগ্ৰহণ কৰিবলৈ দিয়া নহয়,তেনেহলে আন‌ সকলো বিধায়কে লাভ কৰা অধিকাৰৰ পৰা তেওঁক বঞ্চিত কৰা হ'ব।তদুপৰি তেওঁ প্ৰতিনিধিত্ব কৰা ৰাইজৰ‌ অভাৱ-অভিযোগ সদনত উত্থাপন কৰা নহ'ব,আৰু উক্ত ৰাইজৰো এটা অধিকাৰ লোপ পাব।অৰ্থাৎ সঙ্বিধানক অমান্য কৰা হ'ব।

তেওঁ সদায় ন্যায়ালয়ৰ‌ অনুমতি বিচাৰি আবেদন‌ কৰিব লগা হ'লেও সি আমোলা তান্ত্ৰিক মেৰপেচত কেতিয়াবা অযথা হেৰাই যাব পাৰে।
সেয়ে‌ আমি ভাবোঁ যে বৰ্তমান‌ প্ৰায় গৃহবন্দী অৱস্থাত থকা আৰু সময়ে সময়ে পৰিয়াল,সাংবাদিক আৰু শুভাকাংক্ষীক লগ পাই থকা গগৈক আৰক্ষীৰ গাড়ীত বিধান সভাৰ বৈঠক বোৰলৈ অনা-নিয়া কৰাই সদনত‌ অংশগ্ৰহণ কৰিবলৈ দিয়াত অসুবিধা হ'ব নালাগে।

অনা-নিয়া সময়ৰ‌ ভিতৰতে তেওঁ সাংবাদিকৰ কিছু প্ৰশ্নৰ উত্তৰ দিব পাৰিব, কিন্তু তেওঁক চাবলৈ অহা মানুহৰ আগত আবেগিক ভাষণ দিয়াত অনুমোদন জনোৱা টান হ'ব। অৱশ্যে আদালতত হাজিৰ থাকিব লগা দিনবোৰত এনে‌ অনুমতি থাকিব নোৱাৰে।আমি তেওঁক আটক কৰা UAPAআইন খন ন্যায়সঙ্গত বুলি নাভাবো। কিন্তু এই আইন বাতিল নোহোৱা পৰ্যন্ত বা আদালতে তেওঁক খালাচ নিদিয়া পৰ্যন্ত এই‌ ধৰণে‌ উপৰোক্ত সমস্যাৰ সমাধান কৰাই‌ ভাল হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in