উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য…

উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য…

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ন্যায় ব্যৱস্থাৰ সন্দৰ্ভত টুইটাৰযোগে মন্তব্য কৰি আদালত অৱমাননাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণ। ২০আগষ্টত আদালতে এই দোষৰ বাবে শাস্তি কি হ'ব সেয়া ঘোষণা কৰিব। বিষয়টোক লৈ বৌদ্ধিক মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত বিশিষ্ট চিন্তাবিদ ড° অপূৰ্ব কুমাৰ বৰুৱাৰ মতামত আজিৰ 'মোৰ মত'ত প্ৰকাশ কৰা হৈছে।

ড° অপূৰ্ব কুমাৰ বৰুৱা

দুটা টুইটত প্ৰশান্ত ভুষণে উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি সকলৰ কাম-কাজক সমালোচনা কৰা বাবে দোষী বুলি কৈ তেওঁক শাস্তি দিব খোজা কাৰ্যক বহু গুণী-মানি ব্যক্তিয়ে সমালোচনা কৰিছে। যদিও প্ৰায় দুশ পৃষ্ঠাৰ এটা ৰায় দিছে। তথাপি এই ৰায় ন্যায় সন্মত যেন লগা নাই। এক ঔপনিবেশিক আৰু সামন্ত মনোভাৱৰ আদালত অৱমাননা সম্পৰ্কীয় আইনৰ ভিত্তিত দিয়া এই ৰায় দিয়া হৈছে বুলি বহুতে মতপোষণ কৰিছে। ই আমাৰ গনতন্ত্ৰৰ প্ৰতি এক ভাবুকি।

ইতিহাসবিদ ৰামচন্দ্ৰ গুহই আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকললৈ লিখা এখন মুকলি চিঠিত প্ৰশান্ত ভুষণক উচ্চতম ন্যায়ালয়ে আদালত অৱমাননাৰ দোষী থাওৰোৱাৰ বাবে ন্যায়ালয়ক সমালোচনা কৰি কৈছে যে, আমাৰ গণতন্ত্ৰক উচ্চতম ন্যায়ালয়ে যিদৰে সুৰক্ষা দিয়াৰ আশা কৰা হৈছিল তেনে সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে তেখেতে কৈছে লগতে যে, উচ্চতম ন্যায়ালয়ৰ ভাৱমূৰ্তি আজি বোধ হয় ইয়াৰ নিম্নতম পৰ্যায় পাইছে।

ভাৰতৰ আটাইতকৈ ওপৰৰ সংবিধানিক পণ্ডিত সকলৰ লিখনিয়ে এই ধাৰণাৰ সৃষ্টি কৰে। গুহই গৌতম ভাটিয়া, সুহাস পলছিকাৰ আদিৰ লেখাৰ উদ্ধৃতি দিছে। তেখেতে কৈছে যে, যিকোনো অনুষ্ঠানেই জহি-খহিঁ যাব পাৰে কিন্তু সেইবোৰক উদ্ধাৰো কৰিব পাৰি।

৭০ৰ দশকত জৰুৰী কালীন অৱস্থাৰ আগত আৰু সেই অৱস্থাৰ সময়ত ৰাষ্ট্ৰ আৰু ক্ষমতাশালী ৰাজনীতিবিদৰ কথাত উঠ বহ কৰা উচ্চতম ন্যায়ালয় ৮০ আৰ্য ৯০ৰ দশকত নিজৰ স্বাধীনতা আৰু স্বতন্ত্ৰতা ৰক্ষাত সমৰ্থ হৈছিল। তেওঁ আশা কৰিছে যে, উচ্চতম ন্যায়ালয়ক বৰ্তমানৰ অৱনতিৰ পৰা ৰক্ষা কৰিব পৰা যাব।

সেয়ে নহৈ যদি দমনমূলক শাক্তি সমূহৰ উত্থান অৱ্যাহত থাকে আৰু ন্যায়ালয়ে তাত বাধা নিদিয়ে তেন্তে ইতিহাসে এই অনুষ্ঠানটোক আৰু কঠোৰ ভাৱে চাব। ভৱিষ্যতৰ ভাৰতীয় সকলে ইয়াক কেৱল চৰকাৰী ন্যায়ালয়েই নুবুলিব বৰঞ্চ এক সহযোগী ন্যায়ালয় আখ্যা দিব।

গুহই আশা কৰিছে বিচাৰক সকলে এই কথালৈ চকু দিব। গুহ ডাঙৰীয়া ন্যায়াধীশ সকলক সন্মানীয় ন্যায়াধীশ বুলি সম্বোধন কৰিছে। এনে ধৰণৰ সম্বোধন আমাৰ দেশত সাধাৰণ কথা। পাছে এখন গণতান্ত্ৰিক গনৰাজ্য য'ত ৰাইজেই ৰজা তাত ন্যায়াধীশকে ধৰি সকলো নাগৰিক সমান সন্মানৰ অধিকাৰী নহয় নে?

আমি গণতান্ত্ৰিক আচৰণ সম্পৰ্কে আকৌ ভাবিবৰ হল। কিন্তু শেষ কথা সংবিধানে দিয়া গণতান্ত্ৰিক আৰু মৌলিক অধিকাৰ ভংগ হওঁতে উচ্চতম ন্যায়ালয়ৰ ইয়াক ৰক্ষাৰ বাবে তৎপৰতা দেখুৱাবই লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in