গুৱাহাটী পৌৰ নিগমৰ কৰ্ম দক্ষতা…

গুৱাহাটী পৌৰ নিগমৰ কৰ্ম দক্ষতা…

এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰত প্ৰকাশ কৰা হয়। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পায়। আজিৰ 'মোৰ মত'ত প্ৰণৱ কুমাৰ শৰ্মাৰ গুৱাহাটী পৌৰ নিগম সন্দৰ্ভত এক চমু লেখা

প্ৰণৱ কুমাৰ শৰ্মা

গুৱাহাটী পৌৰ নিগমে কিছুমান মানুহক বেআইনী কাম কৰাত সহায় কৰাৰ ফলত বহুত সাধাৰন মানুহে জীয়াতু ভুগিব লগাত পৰে। উদাহৰন স্বৰুপে গুৱাহাটী আৰ জি বৰুৱা ৰোডৰ ২২ নম্বৰ ঘৰত যোৱা ২০২০ চনৰ জানুৱাৰী মাহত এটা কাৰখানা বনাই ফলত ওচৰৰ বাসিন্দা সকলে শব্দ আৰু বায়ু প্ৰদূষণত ভুগে।

এই ঠাইৰ বাসিন্দা সকলে ২০২০ চনৰ ফেব্ৰুৱাৰী আৰু জুন মাহত পৌৰ নিগমৰ কমিচনাৰক জনাইছিল।
এই বিষয়ে কমিছনাৰে কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰাৰ বাবে এই বিভাগৰ মন্ত্ৰী মহোদয়কো জনোৱা হয়।তেখেতেও এই বিষয়ে কোনো বিশেষ ভূমিকা নল'লে।

ইতিমধ্যে নতুন কমিচনাৰ আৰু প্ৰশাসনিক বিষয়া পৌৰ নিগমত যোগদান কৰাত তেওলোকক এই বিষয়ে জনোও। নতুন কমিচনাৰে এই বিষয়ে যোৱা আঠ ডিচেম্বৰত আলোচনা কৰে।আলোচনাত দেখা যায় যে আৰ জি বৰুৱা ৰোডৰ ২২ নম্বৰ ঘৰত ২০২০ চনত আৰম্ভ কৰা কাৰখানাটো ৰ বাবে পৌৰ নিগমৰ অনুমতি অবিহনে কৰা হৈছিল। পৌৰ নিগমৰ আইন অনুসৰি পৌৰ নিগমৰ জন বসতি ঠাইত কাৰখানা আৰু গুদাম ঘৰ বনোৱাৰ অনুমতি দিয়া নহয়।

পৌৰ নিগমৰ কমিচনাৰে আৰ জি বৰুৱা ৰোডৰ ঌ নম্বৰ বাইলেনৰ ২২ নম্বৰ ঘৰৰ কাৰখানা তো ১৫ দিনৰ ভিতৰত বন্ধ কৰিবলৈ হুকুম দিয়ে।১২ জানুৱাৰী২০২১ লৈ কাৰখানা টো চলি থকাৰ বাবে পৌৰ নিগমক জনোৱাত ফাইলটো বিচাৰি পোৱা নাই বুলি জনাই আৰু সেই কাৰণে বিহিত ব্যৱস্থা লব পাৰা নাই। যেতিয়ালৈকে ফাইলটো বিচাৰি পোৱা নাযায়, এই ঠাইৰ বাসিন্দা সকলে শব্দ আৰু বতাহ প্ৰদূষণ ৰ মাজত থাকিব লাগিব নেকি?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in