লন বল

লন বল

মোৰ মতত এইবাৰ এটা কবিতা। বিশ্বৰ দৰবাৰত সৰুপথাৰক বৰপথাৰ কৰিলে নয়নমণিয়ে। ইতিহাস ৰচি লন বলত আজুৰি আনিলে কমনৱেলথ গেমছৰ স্বৰ্ণ পদক। নয়নমণিৰ এই সফলতাত সুখী অসমবাসী, সুখী দেশবাসী। কবি প্ৰয়াগ শইকীয়াৰ উল্লাস নিগৰিল কলমৰ কাপেৰে। লিখিলে নয়নমণিৰ বাবে এটা কবিতা। কবিতাৰ শীৰ্ষ "লন বল" । এইবাৰ মোৰ মতত প্ৰয়াগ শইকীয়াৰ এই কবিতা-

লন বল

সোণৰ মালিতা
সোণালী ফল

মন পথাৰত
নয়নমণিৰ বল

লন বলটো ইজিপ্টৰ
মাটিত আছিল

বোলে শিলৰ
৭০০০ বছৰ বয়সীয়া
ইতিহাস গৰকি
ই আনিলে আজি ৰূপান্তৰৰ নতুন পোহৰ

ভাৰোত্তোলক ভূমিৰ তনয়া
নতুন কথাৰে হ'ল সম্ফল
সৰু পথাৰ এখনি

প্ৰসাৰিত দিগন্তৰ আনন্দেৰে
হৈ উঠিল ভীষণ বহল

লন বল
নতুন পল
পাৰভাঙা আনন্দৰ ঢল
নয়ন উজ্জ্বল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in