আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কিয়? এই সন্দৰ্ভত অধ্যাপক ড০ অপূৰ্ব বৰুৱাৰ অভিমত…

আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কিয়? এই সন্দৰ্ভত অধ্যাপক ড০ অপূৰ্ব বৰুৱাৰ অভিমত…

মোৰ মতৰ এই শিতানত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ কিছু লেখা প্ৰকাশ কৰা হয়।আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস। এই সম্পৰ্কে অধ্যাপক ড০ অপূৰ্ব বৰুৱাৰ এটা বিশেষ লেখা আজিৰ মোৰ মতত প্ৰকাশ কৰা হ'ল..

বিশ্বৰ সকলো জনগোষ্ঠীৰ বাবে মাতৃভাষাৰ অস্তিত্ব এটা অতন্ত্য স্পৰ্শকাতৰ বিষয়। ভাষা হৈছে একোটাহঁত সম্প্ৰদায়ৰ ঐক্য আৰু সংহতিৰ আটাইতকৈ ডাঙৰ এনাজৰী। কাৰণ ভাষাৰ মাধ্যমেৰেই আমি স্নেহ-প্ৰীতি খং-ৰাগ আদি মানৱীয় আবেগ-অনুভূতি আদি প্ৰকাশ কৰো। সাম্প্ৰদায়িক ঐক্যৰ আনবোৰ ভিত্তি যেনে ধৰ্ম, ভাবাদৰ্শ বা ৰাষ্ট্ৰীয় অথবা প্ৰশাসনিক সংহতিয়ে সাম্প্ৰদায়িক সংহতিত সহায় কৰিলেও এইবোৰ ভাষাৰ আগত ম্লান হৈ পৰে। আমাৰ চুবুৰীয়া দেশ বাংলাদেশ এটা প্ৰশস্ত উদাহৰণ। পাকিস্তানৰ ধৰ্মীয় ঐক্যই সেই ৰাষ্ট্ৰৰ সংহতি ৰক্ষাত ব্যৰ্থ হৈছিল। ভাষিক ৰাষ্ট্ৰবাদে বাজীমাৎ কৰি এখন নতুন ৰাষ্ট্ৰৰ জন্ম দিছিল।

মানুহৰ বৌদ্ধিক বিকাশৰ বাবেও মাতৃভাষা এক গুৰুত্বপূৰ্ণ উপাদান। দেৱ-শিশু বা কেঁচুৱাই জন্মৰ পৰাই নিজৰ আৱেগ অনুভূতি প্ৰকাশৰ চেষ্টা কৰে। ইয়াত মাতৃয়ে শিশুক মৰমতে কৰা উচ্চাৰণ সমূহক সংযোজিত কৰিবলৈ শিকায়। এইদৰেই মাকৰ লগত বা যাৰ লগত শিশু ডাঙৰ হয় তাৰ ভাষাৰ লগত শিশুৰ পৰিচয় গঢ়ি তোলে। কিন্তু সেইবুলি কেৱল মাকৰ বা প্ৰতিপালকৰ ভাষাকে মাতৃভাষা বুলিব এনে নহয়।শিক্ষা বিষয়ক মনোবিজ্ঞানে দেখুৱাইছে যে প্ৰাৰম্ভিক শৈশৱত অৰ্থাৎ শিশুৱে জ্ঞান আহৰণৰ সময়ত সহজে আৰু সততে যি ভাষা ব্যৱহাৰ কৰে তাকে মাতৃভাষা বুলিব পাৰি।

এই মাতৃভাষাৰ জৰিয়তে শিশুৰ বৌদ্ধিক বিকাশ হয়। এই বিকাশৰ লগতে মানুহৰ সামাজিকীকৰণ নিৰ্ভৰ কৰে। এজন মানুহে কোনটো ভাল বুলিব কোনটো বেয়া বুলিব, কেনে ধৰণৰ কথাত তেওঁৰ খং উঠিব, কোনটোত অনুকম্পা জাগিব সেই সকলো নিৰ্ভৰ কৰে এই সামাজিকীকৰণৰ প্ৰক্ৰিয়াৰ ওপৰতে। কিন্তু মাতৃভাষাৰ সুৰক্ষাৰ বাবে নিত্য নৈমিত্তিকভাৱে ইয়াৰ প্ৰয়োগৰ প্ৰয়োজন। এনে ব্যৱহাৰ ক্ৰমে ঘৰতে নহয়। একোখন সমাজৰ শিক্ষাদানৰ মাধ্যম, বজাৰ-সমাৰত হোৱা ব্যৱহাৰ, প্ৰশাসনীয় কাম-কাজত প্ৰয়োগে এটা ভাষাক একোটাহঁক সম্প্ৰদায় আৰু অঞ্চলৰ স্বীকৃতভাষাক পৰিণত কৰে।

অসমৰ ক্ষেত্ৰত অসমীয়া মাতৃভাষা হিচাপে স্বীকৃত হোৱা স্বত্বেও ইয়াক সাধাৰণতে প্ৰশাসনীয় কাম-কাজত ব্যৱহাৰ হোৱা দেখা নায়ায়। ইয়াৰ এটা কাৰণ হ'ল এতিয়া অসমীয়া সমাজৰ আধিপত্যশালী মধ্যবিত্ত শ্ৰেণীটোৰ আটাইতকৈ প্ৰভাৱশালী অংগই বজাৰৰ সুবিধাৰ বাবে ইংৰাজী আৰু হিন্দী প্ৰাধান্য দিয়াৰ ফলত অসমীয়া ক্ৰমাগতভাৱে এলাগী হ'বলৈ আৰম্ভ কৰিছে। শিক্ষা-দীক্ষাৰ আন্তৰ্জাতিক সুবিধা বিচৰা চামে ইংৰাজী আৰু ভাৰতীয় বজাৰত অংশগ্ৰহণ কৰিবৰ বাবে হিন্দীক বিৰত কৰিব পৰাৰ আশা নাই। এনে কৰাটো উচিতো নহয়। কিন্তু মধ্যবিত্তৰ বাকী বৃহৎ অংশ, সৰু ডাঙৰ ব্যৱসায়ী, বনুৱা আৰু কৃষক সমাজে ইয়াক বজাৰত ব্যৱহাৰ কৰিলে ই এক শক্তিশালী বহুল ব্যৱহৃত ভাষাত পৰিণত হ'ল হয়। ফলত প্ৰশাসনতো ই ব্যৱহৃত হ'ব। মাতৃভাষা দিৱসৰ দিনা আমি শপত লওঁ আহক যে, য'তে সম্ভৱ এই ভাষাটোক ব্যৱহাৰ কৰিম আৰু আনকো ব্যৱহাৰ কৰিবলৈ উদগনি দিম। বজাৰত নিজ ভাষাৰ বাহিৰে আন ভাষা ব্যৱহাৰ কৰাটো মাতৃভাষাৰ প্ৰতি বিশ্বাস ঘাটকতা বুলি গণ্য কৰা উচিত। কেৱল প্ৰশাসনক হেঁচা মাৰি নহয় নিজৰ দায়িত্ব পালন কৰিহে ভাষাটো বচাব পাৰি।

অসমীয়া মধ্যবিত্তৰ এটা চামৰ আগ্ৰহ আৰু তেওঁলোকৰ ৰাজনৈতিক উদ্যোগতে ই ৰাজ্যৰ ভাষা হৈ আছে। মধ্যবিত্তৰ প্ৰাধান্য থকা অঞ্চলবোৰত অসমীয়াই নিজৰ দায়িত্হ পালন নকৰিলে ভাষা নিঃশেষ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in