অখিল গগৈয়ে মাতিছিল…

অখিল গগৈয়ে মাতিছিল…

মোৰ মতৰ এই শিতানত বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ কিছু লেখা প্ৰকাশ কৰা হয়। কাৰাবন্দী হৈ থকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক লৈ সামাজিক মাধ্যমত সাংবাদিক জিতুমণি বৰাই লিখা এটা বিশেষ লেখা আজিৰ মোৰ মতত প্ৰকাশ কৰা হ'ল..

অখিল গগৈয়ে লগ পাব বিচাৰিছিল। কৰ্টৰ পৰা অনুমতি লোৱাৰ পাছত ১৭ ফেব্ৰুৱাৰীৰ দিনৰ পোনে ২ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ সেই নিৰ্দিষ্ট কোঠাটোত অখিলক দেখা কৰিছিলোঁ। প্ৰায় ১৪ মাহ কাৰাবন্দী হৈ থকা অখিলক এই সময়ছোৱাত প্ৰথম দেখা পালোঁ। টিভিৰ পৰ্দা আৰু বাতৰি কাকতত কৰ্টলৈ আনোতে আন মানুহৰ দৰে আমিও দেখো।

অখিলে অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিবেশ, সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত আমিনো কি ভাবিছোঁ, আমাৰ ধাৰণানো কি সেই বিষয়ে জানিব খুজিছিল। লগতে তেওঁ কি চিন্তা কৰিছে সেই সম্পৰ্কে আমাক সকলো নহয়, কিছু কথা ক'লে। যিমানখিনি আমাক ক'ব পাৰে তাতকৈ বোধহয় এটাও বেছি কথা কোৱা নাই।

আমি সকলোৱে জানো যে অসমৰ নতুন চাম মানুহৰ যিকেইজনে তথ্য আৰু যুক্তিৰ বাহিৰে এটাও বাজে কথা নকয় সেই সকলৰ ভিতৰত অখিল গগৈৰ নাম মই ব্যক্তিগতভাবে প্ৰথমে লও। অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ প্ৰতিটোৰে জনবিন্যাস আৰু ভোটাৰ সম্পৰ্কত তথ্য অখিলৰ হাতত আছে।

কেনেকৈ গণতান্ত্ৰিকভাবে নিৰ্বাচনত অবতীৰ্ণ হৈ ৰাইজৰ সমৰ্থন আদায় কৰিব পাৰি সেই সম্পৰ্কতো গ্ৰাউণ্ড ৰিপৰ্ট তৈয়াৰ কৰিছে অখিলে। যি স্থিতিৰ বাবে অখিল গগৈ গ্ৰেপ্তাৰ হৈছিল সেই স্থিতিত এতিয়াও তেওঁ অটল। স্থিতিৰ পৰা এচুলিমানো ইফাল -সিফাল হোৱা নাই। অৱশ্যে সময়, সংগ্ৰাম, আৰু যন্ত্ৰণাকাতৰ জীৱনটোৱে অখিলক অধিক পৰিপক্ক কৰি তুলিছে।

যিবোৰ মানুহক আপোন বুলি ভাবি এদিন ককাইদেউ বুলি সম্বোধন কৰি সুখ আৰু দুখৰ সমভাগী হৈছিল সেই মানুহেই হাতকেৰেয়া লগাই জেলত থ'লে অখিলক। অখিলৰ অকমাণি ল'ৰাটোৰ মানসিক অৱস্থাৰ কথাও বাতৰি কাকতত ওলাইছে। কিন্তু সকলো মানুহ প্ৰতাৰক নহয়, সকলোৱে চৰকাৰৰ পৰা প্ৰমোচন, ঠিকা, সুবিধাৰ আশাত সময়ে সময়ে ৰং সলনি নকৰে।

ভোটৰ ৰাজনীতি লৈ অখিলৰ যি সূত্ৰ সেয়া হয়তো মই ৰাজহুৱা কৰিব নোৱাৰিম। বিৰোধীয়ে এই সূত্ৰ মানি চলিলে সমস্যাৰ সমাধান, নিবনুৱাৰ সংস্থাপনৰ ঠাইত হিতাধিকাৰী আৰু মাৰ্কেটিঙৰ ৰাজনীতি কৰা দলবোৰে পানী খাব। উত্তৰ আৰু উজনি অসমৰ ৪২ টা বিধানসভা সমষ্টিত বিৰোধীয়ে এৰা- ধৰা কৰক। দৃশ্যপট সলনি হ'ব। লুৰীণজ্যোতি গগৈয়েও ইয়ালৈ সহাৰি দিয়াৰ সম্ভাৱনা ।

হাতত সময় নায়েই। প্ৰধানমন্ত্ৰী তিনিবাৰকৈ আহিল এমাহৰ ভিতৰত। বিৰোধীয়ে আলোচনা এৰি ময়দানত সমিলমিলেৰে নামক। এয়া আমাৰো আহ্বান, অখিলৰো। এইখিনি অধিকাৰ ভাৰতীয় সংবিধানে বিৰোধীক দিছে। ক্ষমতাত থকা সকলে বিৰোধী আৰু প্ৰতিবাদীৰ সকলো অধিকাৰ সকলো সময়ৰ বাবে কাঢ়ি নিব নোৱাৰে নিশ্চয় !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in