নিৰ্বাচন, কেব আৰু গো-মাংসৰ ৰাজনীতি…

নিৰ্বাচন, কেব আৰু গো-মাংসৰ ৰাজনীতি…

এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰত প্ৰকাশ কৰা হয়। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পায়। আজিৰ 'মোৰ মত'ত জ্যেষ্ঠ সাংবাদিক পাৰ্থজ্যোতি বড়াৰ কেব, গো-মাংস আৰু সাম্প্ৰতিক নিৰ্বাচনী পৰিবেশৰ সন্দৰ্ভত এক চমু লেখা।

♦ পার্থ জ্যোতি বড়া

যোৱা ১৮ বছৰৰ পৰা দিল্লীত আছো । স্বাভাৱিকতে ভালে খিনি বন্ধু, বান্ধৱ, সহযোগী, সতীৰ্থ উত্তৰ ভাৰতীয় । তেওঁলোকৰে হোৱা আড্ডা বোৰত গৌৰৱৰে কওঁ – আমাৰ অসম উত্তৰ ভাৰতৰ নিচিনা নহয়; অসমত জাত পাত নাই; অসমীয়া ধৰ্মান্ধ নহয়; যৌতুক নাই, নাৰী পুৰুষ সমান, গৰু আমাৰ মাতৃ নহয়, গৰু আমাৰ কাৰণে গৰুৱেই ইত্যাদি ইত্যাদি । বিচ্ছিন্নতাবাদৰে জৰ্জৰিত এসময়ৰ অসম খনক ভাৰতীয় প্ৰেক্ষাপটত সর্বাংগ সুন্দৰ বুলি জন মানসত প্ৰতিষ্ঠা কৰাৰ প্ৰায় সকলো প্ৰৱাসী অসমীয়াই অহৰহ প্ৰচেষ্টা চলাই থাকে ।

অসমীয়াৰ সামাজিক পৰিচয় ভাষাৰ ভিত্তিত প্ৰতিষ্ঠিত যত ধর্মৰ কোনো স্থান এই কথা দিল্লীৱালা হিন্দী ভাষিক বুজাবলৈ আমি অহোপুৰুষাৰ্থ কৰো । তেওঁলোকক কওঁ – ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে লৈ অবৈধ ভাৱে অসমত বসবাস কৰি থকা বাংলাদেশীক বিতাড়ণ কৰাৰ স্বাৰ্থত অহৰহ একক ভাৱে যুজঁ দি থকা ব্যক্তি জন মুছলমান সম্প্ৰদায়ৰ – অসমীয়া মুছলমান । এই কথা আমাৰ এগৰাকী সতীৰ্থ সাংবাদিকৰ মুখৰে শুনি জমীয়তৰ মাদানীও আচৰিত হৈছিল । অসমৰ সমাজ, সাহিত্য, সংস্কৃতিত মুছলমানৰ অৱদানৰ উদাহৰণ দি শেষ কৰিব নোৱাৰি ।

কিন্তু এই কেইদিন দেশৰ বিভিন্ন সংবাদ মাধ্যমত  শিৰোনাম দখল কৰা থকা এটা খবৰে আমাৰ অসমীয়া হোৱাৰ অংগীকাৰত আওল লগাইছে। "আৰে তুমি তো কৈছিলা তোমাৰ অসমত হিন্দু মুছলমানৰ মাজত জীৱন শৈলী লৈ কাহানিও কাজিয়া নহয়; সংঘাত কেৱল প্ৰকৃত ভাৰতীয় আৰু অবৈধৰ বিদেশীৰ মাজত হয়; এইয়া কি এজন বয়োজ্যেষ্ঠ মুছলমানক কেইজনমানে বলপূৰ্বক গাহৰি মাংস ভক্ষণ কৰাইছে।" উত্তৰ নাছিল আমাৰ হাতত  যদিও কব পাৰিলোঁ হয় ই এক বিচ্ছিন্ন ঘটনা – isolated incident; ইয়াৰ আঁৰত কোনো অন্তৰ্নিহিত ডিজাইন নাই । নকলো; কাৰণ ই প্ৰাক নিৰ্বাচনী বতৰত নিৰ্বাচিত ঘটনা নহয়; ই বর্ষানুক্ৰমে এক বিশেষ চিন্তাধাৰাৰ লোকৰ পৃষ্ঠপোষকতাত গঢ় লোৱা বিকৃত মানসিকতাৰ ফচল ।

এনে মানসিকতা অসমত পুলি পোঘা মেলি পৈণত যে গছ হল; সেইয়া আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো । এবাৰ এজন অসমৰ সাংসদে আমাক কৈছিল "অসম শংকৰ অজানৰ দেশ বুলি কোৱা জন বাংলাদেশীৰ সমৰ্থক; অসম বৰঞ্চ শংকৰ মাধৱৰ দেশ । অসমীয়াই অনুমতি নিদিয়া হলে অজান ফকীৰে অসমত ধৰ্ম প্ৰচাৰ কৰিব পাৰিলেহেঁতেন নেকি ?" শৰাইঘাটৰ ৰণক হিন্দু ৰজা আৰু মুছলমান আগ্ৰাসনকাৰীৰ মাজৰ তুমুল যুজঁ বুলি আখ্যা দি এই সকলে অতি সম্প্ৰতি ৰাজনৈতিক মুনাফা আদায় কৰি আছে । সাম্প্ৰতিক অসমৰ নিৰ্বাচন বোৰক বাৰম্বাৰ শৰাইঘাটৰ শেষ ৰণ বুলি জাহিৰ কৰি এনে লোকে ধর্মীয় মেৰুকৰণৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলায় । আৰু যেতিয়া সজাগ অসমীয়া পুনৰ সজাগ হৈ উঠে তেতিয়া তেনে চিন্তাধাৰাৰ লোকক প্ৰয়োজন হয় – এনে এক পৰিস্থিতিৰ । বিশ্বনাথ চাৰিআলিৰ ঘটনা তেনে এক অভিসন্ধিৰ অংশ বিশেষ ।

গৰু মাংসৰ ভক্ষণে যদি একাংশ বিশেষ দৃষ্টিভংগীৰ লোকক ধৰ্মীয় চেতনাৰ আঘাত হানে আৰু যদিহে এই সন্দৰ্ভত জনমত গঠন হৈছে তেন্তে চৰকাৰ খনে পশুধন নীতিৰ সংশোধন কৰক । তাকে নকৰি ৰাস্তাত কিছুমান মতিভ্ৰমি হিংস্ৰ শৃগাল এৰি দি অসমীয়াত্ব বিনষ্ট কৰাৰ ব্যৰ্থ চেষ্টাৰপৰিণতি ভয়াবহ হব ।

হয়; অসমৰ অবৈধ বিদেশীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে । ১৯৮৫ চনৰ ১৪ আৰু ১৫ আগষ্টৰ মাজৰ নিশা অসম চুক্তি স্বাক্ষৰিত হোৱাৰ মুহুৰ্তৰ পৰা আজি দিনটো লৈকে এই সমস্যা সমাধানৰ দিশত কোনো এখন চৰকাৰ এক ইঞ্চি আগ বঢ়া নাই । এপ্ৰিলৰ ৯ তাৰিখে অসমৰ মুখ্য সচিবে উচ্চতম ন্যায়ালয়ৰ সন্মুখত নিৰ্লজ্জ ভাৱে অসম চৰকাৰৰ বিফলতাৰ কথা স্বীকাৰ কৰিছে । তেওঁয়েই অসমৰ চৰকাৰৰ হৈ আদালতক দিয়া তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ৪৪০০০ ঘোষিত অবৈধ বিদেশী নিৰুদ্দেশ হৈছে আৰু সেই তিনি বছৰত মাথোঁ চাৰিজন বিদেশীক বিতাড়ণ কৰিব পৰা হৈছে । দেশৰ মুখ্য ন্যায়ধীশে প্ৰশ্ন কৰিছিল ৪৪০০০ ঘোষিত বিদেশী কলৈ গল আৰু তেওঁলোকলৰ সন্ধান উলিওৱাৰ দিশত চৰকাৰে কি পদক্ষেপ লৈছে – মুখ্য সচিবৰ হাতত নাছিল কোনো উত্তৰ ।

আনহাতে অসম চুক্তিৰ ৩৩ বছৰৰ পাছত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এপ্ৰিলৰ ৯ তাৰিখে বিদেশী চিনাক্ত আৰু বিতাড়ণৰ প্ৰক্রিয়া নিৰ্ধাৰণৰ দিশত কোৰ্টক সহায় কৰিবলৈ amicus curieৰ নিযুক্তি দিছে । এইয়া হৈছে অসমৰ বিদেশী সমস্যা সমাধানৰ বৰ্তমানৰ স্থিতি । এনে জটিল সন্ধিক্ষণত এজন মুছলমান লোকক গৰু মাংস বিক্ৰী কৰাৰ সন্দেহত বলপূৰ্বক গাহৰি ভক্ষণ কৰালে অসম বিদেশী মুক্ত হব নেকি ? নিশ্চয় নহয় । তেনে স্থলত চৰকাৰৰ ব্যৰ্থতা ঢকাৰ ই এক অভিসন্ধি নেকি ?

নাগৰিকত্ব সংশোধনী বিধেয়ক খনো আকৌ বৰ অপদীয় । বিধেয়কৰ সপক্ষে এক জনমত তথা ধর্মৰ ভিত্তিত সামাজিক বৈধতা প্ৰদানৰ প্ৰচেষ্টাৰ অংশবিশেষ হিচাপে এনে ধৰণৰ ঘটনা ঘটোৱা হয় । মাজতে এটা অসমৰ সোঁপন্থী সংগঠনে অসমত অসমীয়াৰ প্ৰভুত্ব অক্ষুন্ন ৰাখিবলৈ এটা অদ্ভুত ফৰ্মূলা ওলাইছিল । সংগঠনটোৱেও কেইজন মান হিন্দু বাঙালী লোকক সোঁৱে বাওঁৱে লৈ ঘোষণা কৰিছিল –  ২০২১ চনৰ লোক পিয়লত ব্ৰহ্মপুত্ৰ উপত্যকাৰ হিন্দু বাঙালীয়ে নিজৰ মাতৃভাষা অসমীয়া বুলি পঞ্জীয়ন কৰিব । এইয়াও হিন্দু বাংলাদেশীক অসমত দলিছা পৰাৰ বৃহত্তৰ অভিসন্ধি অংশবিশেষ । মাতৃভাষা যে স্থায়ী আৰু কেৱল  ধাত্ৰী ভাষাহে জন্মভূমি প্ৰমুখ্যে পৰিবর্তনশীল – এই বিজ্ঞান সন্মত চিন্তাধাৰা তেওঁলোকৰ মন মগজুয়ে ঢুকি নাপায় । আৰু ভোটৰ স্বাৰ্থত ধৰ্ম ভেদে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া হাড়ে হিমজুয়ে অসমীয়া নেতা কেইজন কিমান অসমীয়া ?

ধৰ্মীয় গোড়ামীৰ মেৰপেছত অসমীয়া জাতিসত্বাৰ বিস্তৰ ক্ষতি হব । কালক্ৰমত গঢ়লৈ উঠা এই সভ্যতা যদি ধৰ্ম মুখী হয় তেন্তে কেৱল ভাষা টোৰেই ইয়াক উদ্ধাৰ কৰিব পৰা নাযাব । সাম্প্ৰতিক পৰিবেশত নেতাই ৰাজনীতি পৰা ধৰ্ম নিলগত ৰখাৰ কথা আশা কৰিব পৰা নাযায় । সেয়ে সামাজিক, সাংস্কৃতিক অনুষ্ঠান সমুহ গভীৰ ভূমিকা লব লাগিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in