শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন…

ডিজিটেল সংবাদ বকোঃ দুটা পকা অমিতাৰ ওজন ৬ কিলো ১০০ গ্ৰাম। বকোৰ বড়গাওঁ বাকাৰাপাৰা গাঁৱৰ যুৱখেতিয়ক মুনীন্দ্ৰ দাসৰ অমিতাখেতিৰ এই অমিতা । শনিবাৰে ৰাতিপুৱা গুৱাহাটীৰ বামুনীমৈদাম বজাৰত বিক্ৰী কৰিবলৈ নিব যুৱখেতিয়ক গৰাকীৰ খেতিৰ অমিতা ।ঘৰৰ কাষৰ শিংৰা নদীৰ পাৰৰ তিনি কঠা মাটিত খেতিয়কগৰাকীয়ে কৰিছে প্ৰায় আঢ়ৈশ জোপা অমিতা খেতি ।

একোজোপা গছত পঞ্চাশ কিলোগ্ৰামলৈকে লাগিছে অমিতা । ছয় কিলোগ্ৰামতকৈ অধিক ওজনৰ পকা অমিতা দুটা শনিবাৰে গছৰ পৰা ছিঙি দেওবাৰে বজাৰলৈ বিক্ৰীৰ বাবে নিয়াৰ কথা আছিল যদিও অমিতা দুটা বেছিকৈ পকাত শুক্ৰবাৰে ছিঙিব লগা হ’ল । বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ পৰা ২০১৫ ইংবৰ্ষত স্নাতক ডিগ্ৰী লাভ কৰা মুনীন্দ্ৰ দাসে চাকৰিলৈ বাট নাচাই খেতিত মনোনিবেশ কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি