অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ আৰু মনোৰঞ্জন বড়িৰ ‘ম’হ-যখ’লৈ ২০১৯ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’

অংকুৰ ৰঞ্জন ফুকনৰ ‘ৎ’ আৰু মনোৰঞ্জন বড়িৰ ‘ম’হ-যখ’লৈ ২০১৯ বৰ্ষৰ ‘মুনীন বৰকটকী সাহিত্য বঁটা’

ডিজিটেল সংবাদ, গুৱাহাটীঃ সু সাহিত্যিক, সমালোচক, সাংবাদিক প্ৰয়াত মুনীন বৰকটকী স্মাৰক ন্যাসৰ তৰফৰ পৰা অসমীয়া ভাষাৰ তৰুণ লেখক-লেখিকা সকলক উদগণি জনাবলৈ প্ৰদান কৰি অহা বাৰ্ষিক 'মুনীন বৰকটকী সাহিত্য বঁটা' ২০১৯ দেওবাৰে ঘোষণা কৰা হয়।

২০১৯ বৰ্ষৰ ২৫ সংখ্যক 'মুনীন বৰকটকী সাহিত্য বঁটা' 'ৎ' নামৰ কবিতাৰ পাণ্ডুলিপিৰ বাবে কবি অংকুৰ ৰঞ্জন ফুকন আৰু 'ম'হ-যখ' নামৰ গল্পৰ পাণ্ডুলিপিৰ বাবে গল্পকাৰ মনোৰঞ্জন বড়িলৈ আগবঢ়োৱা হয়।

উল্লেখ্য যে, ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ নতুন লেখক-লেখিকাসকলক উদগণি যোগোৱাৰ উদ্দেশ্যে প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ৫০ হাজাৰ টকাৰ লগতে এটা স্মাৰক আৰু এখন প্ৰশস্তি পত্ৰ। গুৱাহাটীত অচিৰেই অনুষ্ঠিত হ'বলগা এক বঁটা প্ৰদান অনুষ্ঠানত দুয়োগৰাকী তৰুণ লেখকক ২৫ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in