মোবাইল,লেপটপ বিক্ৰী কৰি মুম্বাইৰ পৰা অসমলৈ ৩৫গৰাকী…

মোবাইল,লেপটপ বিক্ৰী কৰি মুম্বাইৰ পৰা অসমলৈ ৩৫গৰাকী…

ডিজিটেল সংবাদ, গহপুৰঃ মুম্বাইত কৰ্মসূত্ৰে থকা গহপুৰ মহকুমাৰ ডিপৰাৰ ৩৫ জন লোকে মহাৰাষ্ট্ৰ আৰু অসম চৰকাৰৰ প্ৰয়োজনীয় অনুমতি লৈ অসম অভিমুখে বাছেৰে আহি আছে । বাছখনত ৪গৰাকী মহিলা আৰু এটা শিশুও আছে । মুম্বাইৰ বিভিন্ন প্ৰতিস্থানত কাম কৰি থকা এইসকল লোকৰ লকডাউনৰ ফলত কাম-কাজ বন্ধ হৈ যোৱাত উপায়ন্তৰ হৈ অসমৰ স্বগৃহলৈ প্ৰত্যাবৰ্তন কৰাৰ উদ্দ্যেশ্যে মুম্বাইৰ পৰা মেলানি মাগিছে।

দলটোত চৰিগৰাকী মহিলা আৰু এটি শিশু সহ ৩৫জন লোকে যাত্ৰা কৰিছে বুলি জনাইছে। বিশ্বনাথ জিলাৰ বিভিন্ন স্থানৰ পৰা জীৱিকাৰ বাবে মুম্বাইলৈ অহা দলটোৰ গৰিষ্ঠ সংখ্যক গহপুৰৰ ডিপৰীৰ। তেওলোক মুম্বাইৰ অন্ধেৰী(পুব)ৰ বাসিন্দা আছিল। গুৱাহাটীলৈকে এখন বাছেৰে যাত্ৰা কৰা এইসকল যাত্ৰীৰ কোনো-কোনোৱে মোবাইল,লেপটপ আদি বিক্ৰী কৰিও বাছৰ ভাৰা যোগাৰ কৰিব লগীয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in